হাফলং-শিলচৰ পথৰ দুৰ্দশাঃ উচ্চ ন্যায়ালয়ৰ জাননী

হাৰাগাজাও হৈ ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ৰ হাফলং-শিলচৰ পথ নিৰ্মাণত হোৱা পলম আৰু ইয়াৰ দুৰ্দশাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ছুঅ’ মট’ গোচৰ (পিআইএল/১/২০২৩) ৰুজু কৰিছে
হাফলং-শিলচৰ পথৰ দুৰ্দশাঃ  উচ্চ ন্যায়ালয়ৰ  জাননী
Published on

গুৱাহাটীঃ হাৰাগাজাও হৈ ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ৰ হাফলং-শিলচৰ ষ্ট্ৰেচ নিৰ্মাণত হোৱা অগাধ পলম আৰু ইয়াৰ দুৰ্দশাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে ছুঅ' মট' গোচৰ (পিআইএল/১/২০২৩) পঞ্জীয়ন কৰিছে। উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদলৈ জাননী জাৰি কৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত দুটা পেকেজ আছে – হাৰংগাজাও-নিৰিম্বাংলো আৰু বালাচেৰা -হাৰংগাজাও। চুৰাটৰ পৰা শিলচৰলৈ ৩৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পূব-পশ্চিম কৰিডৰৰ এটা অংশ। অসমৰ কৰিডৰৰ সমগ্ৰ অংশ প্ৰায় ৬২১ কিলোমিটাৰ। ২০০৪ চনৰ পৰা কৰিডৰৰ কাম আৰম্ভ হৈছিল।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে চাৰিজন উত্তৰদাতাক প্ৰশ্ন কৰে যে কৰিডৰৰ হাফলং-শিলচৰ ষ্ট্ৰেচৰ কামত কিয় ইমান সময় লাগে। উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দিবলৈও কয়।

পথটোৰ দুৰ্দশাৰ বিৰুদ্ধে এজন ব্যক্তিয়ে দাখিল কৰা অভিযোগৰ ওপৰত উচ্চ ন্যায়ালয়ে ব্যৱস্থা লৈছিল। অভিযোগকাৰীয়ে এই বিষয়ত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপও বিচাৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com