Begin typing your search above and press return to search.

ৰহস্যজনকভাবে নিশা ঘৰৰ পদূলিত উদ্ধাৰ হোৱা ছাত্ৰীৰ মৃত্যু

কিন্তু নিশা প্ৰায় ৯বজাত দুজন যুৱকে মুমূৰ্ষু অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়।

ৰহস্যজনকভাবে নিশা ঘৰৰ পদূলিত উদ্ধাৰ হোৱা ছাত্ৰীৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2020 6:37 AM GMT

ৰহস্যজনকভাবে নিশা ঘৰৰ পদূলিত মূমুৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যুৱে নগাঁৱত আলোড়নৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ অন্তৰালত নিষিদ্ধ ড্ৰাগছ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে বিয়লি নগাঁৱৰ ফৌজদাৰী পট্টি নামঘৰ পথৰ স্নেহা ডেকা ওৰফে নিকি নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ঘৰৰ ওচৰৰে এগৰাকী বান্ধৱীৰ সৈতে ফুৰিবলৈ যায়। তেওঁ মানস বৰা, বাবলু দাস আৰু সিং উপাধিৰ যুৱককেইজনৰ সৈতে মটৰচাইকেলত ফুৰিবলৈ গৈছিল বুলি আৰক্ষীয়ে জনায়। কিন্তু নিশা প্ৰায় ৯বজাত দুজন যুৱকে মুমূৰ্ষু অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়। পাছত পৰিয়ালৰ লোকে তেওঁক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইতিমধ্যে নিকিৰ পৰিয়াল লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মানস বৰা নামৰ যুৱকজনক আটক কৰিছে।

Next Story