নাবালিকাক বলৎকাৰৰ অভিযোগত ২০বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ গোৱালপাৰাৰ এগৰাকীক
৬জুন ২০১৯ তাৰিখে এগৰাকী ৬বছৰীয়া নাবলিকাক ধৰ্ষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰা হৈছিল অভিযুক্ত মবিনচন মৰাকৰ বিৰুদ্ধে

এগৰাকী ৬বছৰীয়া নাবলিকাক ধৰ্ষণ কৰাৰ অভিযোগত গোৱালপাৰাৰ মবিনচন মৰাক নামৰ এগৰাকী ব্যক্তিক POCSO (শাৰীৰিক নিৰ্যাতন পৰা শিশু ৰক্ষা অধিনিয়ম) ৰ বিশেষ ন্যায়াধীশ, শুভ্ৰাংশু ধৰে, সশ্ৰম কাৰাগাৰৰ(RI) শাস্তিৰ অধীনত ২০বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ন্যায় জাৰী কৰিছে।
উল্লেখযোগ্য যে, যোৱা ৬জুন ২০১৯ তাৰিখে এগৰাকী ৬বছৰীয়া নাবলিকাক ধৰ্ষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰা হৈছিলঅভিযুক্ত মবিনচন মৰাকৰ বিৰুদ্ধে।
এই নীৰ্মম ঘটনাৰ ভুক্তভোগী গৰাকীৰ উকীল, সঞ্জয় শৰ্মাই প্ৰকাশ কৰিছে যে বিগত ২বছৰ আগেয়ে ৬জুন ২০১৯ তাৰিখে অভিযুক্ত মবিনচন মৰাকৰ বিৰুদ্ধে জাৰী হোৱা ৬বছৰীয়া নাবলিকাক ধৰ্ষণ কৰাৰ হিংসাত্মক ঘটনাৰ ন্যায় শেহতীয়া ভাৱে মুকলি কৰিছে। POSCO ৰ বিশেষ ন্যায়াধীশ গৰাকীয়ে অভিযুক্ত গৰাকীক ২০বছৰ কাৰাগাৰৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ লগতে উকীল গৰাকীয়ে উল্লেখ কৰে যে যোৱা তাৰিখে এই হিংসাত্মক ঘটনা সংঘটিত কৰিছে অভিযুক্ত গৰাকীয়ে, যাৰ পাছতেই আৰক্ষী চকীত ইজহাৰ দাখিল কৰা হৈছিল তেওঁৰ বিৰুদ্ধে।
গোৱালপাৰা জিলাৰ, এই বিশেষ আদালত খনে অভিযুক্ত বলৎকাৰী মবিনচন মৰাকক ভাৰতীয় দণ্ডবিধি খণ্ড ৩৭৬ আৰু POSCO ৰ জ্ঞানসংগত ভাৱে শাৰীৰিক নিৰ্যাতন খণ্ড ৪ৰ অধীনত এই শাস্তি প্ৰদান কৰিছে। এই বিশেষ আদালত খনীয়ে এই হিংসাত্মক কাণ্ড ঘটি যোৱাৰ প্ৰায় ২বছৰৰ পাছত ধৰখনৰ অভিযুক্ত গৰাকীৰ বিৰুদ্ধে এনে কঠোৰ শাস্তি বিহাৰ পদক্ষেপ হাতত তুলি লৈছে।
উল্লেখোগ্যভাৱে, এই বছৰৰ মে মাহত অৰুণাচল প্ৰদেশৰ বিশেষ POSCO আদালতত এগৰাকী নাবলিকাৰ ধৰ্ষণ অভিযোগত অভিযুক্ত ব্যক্তি গৰাকীক ২০বছৰৰ কাৰাগাৰৰ শাস্তি প্ৰদান কৰাৰ লগতে তেওঁৰ পৰা মুঠ ৩,০০০/- টকাৰ জৰিমণা পৰিশোধ কৰিছিল। এই বিশেষ POSCO অধিনিয়মৰ অন্তৰ্গত শিশু সকলক বিভিন্ন ধৰণৰ শাৰীৰিক নিৰ্যাতন আৰু শাৰীৰিক অত্যাচাৰৰ পৰা ৰক্ষা কৰাত সহায় প্ৰদান কৰে। ইয়াৰ লগতে সমগ্ৰ দেশতে ধৰ্ষণৰ অভিযুক্ত সকলক শাস্তি বিহাৰ পদক্ষেপত এই অধিনিয়মে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে।
আৰু পঢ়ক : কাহিলীপাৰাৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা