প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্তততা অবলম্বন কৰিছে: তৰুণ গগৈ

প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্তততা অবলম্বন কৰিছে: তৰুণ গগৈ
Published on

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্ত্ৰীৰ আবাসত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বিজেপিৰ কিছু স্থিতিক তীব্ৰ সমালোচনা কৰে তৰুণ গগৈয়ে । প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহক বিদেশী ঘোষণা কৰা কথা প্ৰকাশ কৰি তৰুণ গগৈয়ে কৈছে যে সানাউল্লাহৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্ত ভূমিকা অবলম্বন কৰিছে । এজন ভাৰতীয় নাগৰিক হৈয়ো এনেদৰে অধিকাৰ খৰ্ব কৰাটো অতিকৈ নিন্দনীয় বুলি প্ৰকাশ কৰে।

তৰুণ গগৈয়ে লগতে প্ৰকাশ কৰে যে অসম চৰকাৰে আদালতত সানাউল্লাহৰ কথা কব লাগিছিল । বিদেশী ন্যায়াধীশকৰন এনে ঘোষণায়ে ৰাইজৰ বিশ্বাস হেৰুৱাব বুলিও প্ৰকাশ কৰে। লগতে তৰুণ গগৈ য়ে কয় যে এই সম্পৰ্কত গোচৰ দিয়াৰ পাছতো বৰ্তমানলৈকে কিয় তদন্তকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা নাই ।

তৰুণ গগৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় য়ে বিদেশীক খেদিম বুলি বিজেপি চৰকাৰে জনসাধাৰণৰ পৰা ভোটা লৈছিল ।কিন্তু কেইটা বিদেশী খেদিলে বুলি প্ৰশ্ন কৰে তৰুণ গগৈয়ে । বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে। হিন্দুত্বৰ কথা কোৱা বিজেপিয়ে বেছিভাগ হিন্দু বঙালীক বিদেশী সজাই অত্যাচাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ।

এন আৰ চিৰ সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এন আৰ চিয়ে সমস্যাহে সৃষ্টি কৰিছে । যদি এখন শুদ্ধ এন আৰ চি কৰিব পাৰে তেন্তে law and order পৰিস্থিতি কেনেকৈ হব? উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা মনা নাই চৰকাৰে বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে।

লগতে তৰুণ গগৈয়ে কয় যে চলো পাল্টাইৰ ফল অসমবাসীয়ে ভূগিব লাগিব । অসমীয়া ভাষাৰ প্ৰচাৰ চলাব লাগিব । নাগৰিকত্ব সংশোধনি বিধেয়ক খন আনাৰ লক্ষ্য হৈছে বঙালীৰ সংখ্যা বৃদ্ধি কৰোৱা । চলো পাল্টাইক দোষ দিলে নহব, ইয়াৰ বাবে দায়ী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে ।

লগত নতুন শিক্ষা পদ্ধতি গ্ৰহন কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিদ্যালয়ৰ আন্ত:গাঁঠনি উন্নত হব লাগে । শিক্ষকক নতুনকৈ প্ৰশিক্ষণ দিব লাগিব বুলিও সংবাদমেলত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com