গুৱাহাটীঃ প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰাথমিক শিক্ষা বিভাগে কামৰূপ মেট্ৰ' জিলাৰ সকলো বিদ্যালয় কৰ্তৃপক্ষক শ্ৰেণীকোঠাৰ ভিতৰত পুৱাৰ সভা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে।
এই সন্দৰ্ভত জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ বাবে এক নিৰ্দেশ জাৰি কৰিছে বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰাই।
খবৰ অনুসৰি, গুৱাহাটীৰ এখন বিদ্যালয়ৰ এগৰাকী ১০ বছৰীয়া কণমানি ছাত্ৰীৰ মৃত্যুৰ পটভূমিত উক্ত নিৰ্দেশ দিয়া হৈছে।
বিদ্যালয়খনে কেম্পাছত শোক সভা অনুষ্ঠিত কৰাৰ পিছতে ছোৱালীজনী হিট ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে, য'ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এঘণ্টা ধৰি প্ৰচণ্ড ৰ'দৰ তলত থাকিবলগীয়া হৈছিল।
লগতে পঢ়ক:মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়,শক্তি খণ্ডত অসমক সহায় কৰিবলৈ কেন্দ্ৰ সাজু,