ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰায় মৃতপ্ৰায় অবস্থালৈ গতি কৰিছে

ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰায় মৃতপ্ৰায় অবস্থালৈ গতি কৰিছে

ৰাজ্যিক হস্ততাঁত, বস্ত্ৰশিল্প আৰু ভাস্কয্য শিল্পৰ প্ৰায় মৃতপ্ৰায় অবস্থাৰ সৃষ্টি হৈছে । ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঠিক পদ্ধতিৰ অভাৱৰ কাৰণে প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ সমূহৰ মৃতপ্ৰায় হৈ পৰিছে ।

কাৰ্য্যালয় বিষয়ায়ে প্ৰকাশ কৰা মতে, অসমত প্ৰায় ১০২ টা হস্ততাঁতৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে, ৯৮ তাঁতী কেন্দ্ৰত বৃদ্ধি কৰাৰ লগতে ২০ টা হস্ততাঁতৰ উৎপাদন কেন্দ্ৰ আছে আৰু ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভাগৰ অধিনত ৪ টা হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে অসমত । কিন্তু উল্লেখযোগ্য কথাটো হ'ল যে ইয়াৰ এটা কেন্দ্ৰ অথবা শাখাতো সঠিক পৰিকল্পনাৰ অভাৱ । প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহত উপযুক্ত শ্ৰেণী কোঠা আৰু শ্ৰমিকৰ অভাৱ বুলি প্ৰকাশ কৰিছে ।

১০২ টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰত এক বছৰৰ আৰ্টিচান চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণৰ বাবে ১,৬৪০ প্ৰশিক্ষাৰ্থীৰ সুবিধা আছে। প্ৰত্যেকটো কেন্দ্ৰতে ১৫-২০ লৈকে শিক্ষাৰ্থীৰ বাবে আসন আছে। কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে , প্ৰশিক্ষাৰ্থী সকলে পৰ্যাপ্ত শ্ৰেণী কোঠা, শ্ৰমিক আৰু হস্ততাঁতৰ সুবিধা নাই বুলি প্ৰকাশ কৰে। প্ৰশিক্ষাৰ্থী সকলৰ আকৰ্ষণ নোহোৱা হোৱাৰ আন এটা কাৰণ হৈছে তেওঁলোকৰ পৰ্যাপ্ত ধনৰ অভাৱ । সেয়েহে প্ৰায় ক্ষেত্ৰতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে, ১০২ টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰত কাৰ্যক্ষম নোহোৱা হৈ পৰিছে । ৯৮ তাঁতীৰ শাখা বৃদ্ধিৰ ক্ষেত্ৰত অনুৰূপ প্ৰতিচ্ছবিয়ে প্ৰতিফলিত হৈছে । এই শাখা সমুহত আচবাবৰ অভাৱৰ লগতে গৃহৰ অবস্থাও শোচনীয়।

আনহাতে ২০ টা হস্ততাঁত উৎযাপন কেন্দ্ৰৰ অবস্থাও অতি শোচনীয় হৈ পৰিছে আৰু এই কেন্দ্ৰ সমূহৰ উৎপাদন তেনেই নগণ্য । ২০ টা কেন্দ্ৰৰ ভিতৰত ৪ টা - নলবাৰী , নগাঁও, চাংচাৰি আৰু যোৰহাটৰ কেন্দ্ৰ কেইটা সঠিক ভাৱে পৰিচালিত হৈ আছে। কিন্তু বাকী থকা কেন্দ্ৰ সমুহ প্ৰায় মৃতপ্ৰায় অবস্থালৈ গতি কৰিছে ।

ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প এটা গুৰুত্বপূৰ্ণ বিভাগ। চাকৰিৰ ক্ষেত্ৰতো এই বিভাগতোত উদিগ্ন প্ৰকাশ কৰিছে। ৰাজ্য খনৰ প্ৰায় ৩০ লাখ লোক ৰাজ্যৰ হস্ত শিল্পৰ লগত জৰিত হৈ আছে । পূৰ্বৰে পৰা অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পয়ে বিশেষ তাৎপৰ্য বহন কৰি আহিছে । অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগটো উন্নত কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যয়ে বস্ত্ৰ সমূহ বহি ৰাজ্যৰ পৰা আমদানি কৰে ।

বৰ্তমান অসমৰ স্বাভিমান গামোচা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে । কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ নকৰাটো দুখজনক। মেচিনৰ দ্বাৰা প্ৰস্তুত গামোচায়ে বজাৰ খন ভৰি পৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত আন্দোলন গঢ়ি তোলা পৰিলক্ষিত হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com