বাৰিষাৰ সময়ত হ’ব লগা দুৰ্ঘটনাৰ প্ৰতিৰোধৰ কাৰণে বিশেষ ব্যৱস্থা আভ্যন্তৰীণ জল পৰিবহনৰ

বাৰিষাৰ সময়ত হ’ব লগা দুৰ্ঘটনাৰ প্ৰতিৰোধৰ কাৰণে বিশেষ ব্যৱস্থা আভ্যন্তৰীণ জল পৰিবহনৰ
Published on

বাৰিষাৰ বতৰত হ’ব লগীয়া যিকোনো দুৰ্ঘটনাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি কৰিছে আভ্যন্তৰীণ জল পৰিবহনে ৷ বিগত সময়ত বাৰিষাৰ সময়ত নদী পাৰ হঁওতে বিভিন্ন নাও দুৰ্ঘটনা হোৱাৰ তথ্য পোৱা গৈছে ৷ লগতে এনেধৰণৰ দুৰ্ঘটনাত বহুজনৰ প্ৰাণ হানি হৈছে ৷

সেয়েহে আভ্যন্তৰীণ জল পৰিবহন বিভাগে সকলো ফেৰী আৰু নাওঁত লাইফ জেকেটকে আদি কৰি বিভিন্ন সুবিধা যাত্ৰীসকলৰ কাৰণে প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷

লগতে নাও অথবা ফেৰীসমূহত যাত্ৰাৰ সময়ত লাইফ জেকেটসমূহ পৰিধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ নাও অথবা ফেৰীৰ প্ৰত্যেকটো যাত্ৰাৰ প্ৰাকমুহুৰ্তত যাত্ৰীসকলক যাত্ৰাৰ সময়ত ল’ব লগা সাৱধানতাৰ সম্পৰ্কে জনাব লাগিব।

ইফালে বিমানৰ অৱতৰণ কৰাৰ সময়ত দিয়া নিৰ্দেশনাৰ দৰেই ফেৰী অথবা নাওসমূহত নিৰ্দেশনাৰ ব্যৱস্থা থাকিব বুলি উল্লেখ থাকে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com