জনতা ভৱনৰ বিষয়া, কৰ্মচাৰীসকলক মান্য সাজ-পোছাক পৰিধান কৰিবলৈ আহ্বান

জনতা ভৱনৰ সকলো বিষয়া-কৰ্মচাৰীক কৰ্তব্যৰ বাবে ৰিপৰ্ট দিওঁতে ‘মান্য সাজ-পোছাক’ পৰিধান কৰিবলৈ আহ্বান জনাই লিখিত আবেদন জনাইছে অসম সচিবালয় সেৱা সন্থাই।
জনতা ভৱনৰ বিষয়া, কৰ্মচাৰীসকলক মান্য সাজ-পোছাক পৰিধান কৰিবলৈ আহ্বান
Published on

গুৱাহাটীঃ জনতা ভৱনৰ সকলো বিষয়া-কৰ্মচাৰীক কৰ্তব্যৰ বাবে ৰিপৰ্ট দিওঁতে 'মান্য সাজ-পোছাক' পৰিধান কৰিবলৈ আহ্বান জনাই লিখিত আবেদন জনাইছে অসম সচিবালয় সেৱা সন্থাই। আবেদনখনত উল্লেখ কৰা হৈছে যে সাজ পাৰ আৰু পিন্ধাৰ শৈলী "সংশ্লিষ্ট কাৰ্যালয়ৰ মৰ্যাদাৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়", যাৰ ফলত উচ্চ কৰ্তৃপক্ষই অসম সচিবালয় সেৱা সন্থাক জবাবদিহি কৰি তুলিছে। এই অৱস্থাৰ ফলস্বৰূপে মান্য সাজ-পোছাক পৰিধান কৰাৰ আবেদন জাৰি কৰা হৈছে বুলি অসম সচিবালয় সেৱা সন্থাই কয়।লগতে কয় যে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে উপযুক্ত সাজ-পোছাক পৰিধান কৰিলে ৰাজ্যৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু জনতা ভৱনৰ মৰ্যাদা দুগুণ হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com