Begin typing your search above and press return to search.

ক'ৰ'নাত আক্ৰান্ত হ'ল পিয়নঃ কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ত তলা

ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰূপে উপায়ুক্ত কাৰ্যালয় তিনিদিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জনায়

কৰনাত আক্ৰান্ত হল পিয়নঃ কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ত তলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2020 8:31 AM GMT

এজন পিয়ন ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সাময়িক বন্ধ ঘোষণা কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কালি ২৩ জুলাইত এই পিয়নজন ক'ৰ'নাত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন প্ৰকাশ পায়। তাৰ পাছতে উপায়ুক্ত কাৰ্যালয়ৰ সাময়িক বন্ধ ঘোষণা কৰিছে কৰ্তৃপক্ষই। এই কথা সদৰী কৰি জিলা উপায়ুক্ত ভাস্কৰ ফুকনে দ্য ছেণ্টিনেল ডিজিটেলক কয় যে তিনিদিনৰ বাবে উপায়ুক্ত কাৰ্যালয় বন্ধ থাকিব।"জিলা উন্নয়ন শাখাৰ এজন কৰ্মচাৰীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।চিকিত্সাৰ বাবে তেওঁক তাতক্ষণিকভাবে ছেৰফাংগুৰিৰ চিকিত্সালয়লৈ নিয়া হৈছে।আমাৰ সকলোৰে নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। পিয়নজনক বাদ দি আন সকলোৰে নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে"।

অৱশ্যে পিয়নজনৰ নমুনা পৰীক্ষাৰ ফলাফল কিছু পলমকৈ প্ৰকাশ পায়। এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰূপে উপায়ুক্ত কাৰ্যালয় তিনিদিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জনায়।

আৰু পঢিব পাৰেঃ ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ২, ৩ নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা

Next Story
চাকৰি