পথ, নলাৰ নিৰ্মাণৰ কামত বিভাগীয় কতৃপক্ষৰ উদাসীন মনোভাৱ

পথ, নলাৰ নিৰ্মাণৰ কামত বিভাগীয় কতৃপক্ষৰ উদাসীন মনোভাৱ
Published on

বাৰিষা অহাৰ পূৰ্বে পথৰ লগতে নলা সমূহৰ পৰিষ্কাৰৰ কাম সমূহ সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰিছিল যদিও এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষয়ে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । ইয়াৰ ফলত কামত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

পথৰ লগতে নলা , বান্ধৰ আৰু গৰাখহনীয়া ৰোধৰ বাবে ৰাজ্যৰ কাম আৰম্ভ কৰিছে । কিন্তু এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ উদাসীন পদক্ষেপৰ বাবে ৰাজ্যবাসীয়ে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । পৰ্যবেক্ষক আৰু মহৰীয়ে কাম সমূহ পৰ্যবেক্ষন কৰাৰ পাছত ঠিকাদাৰ সমুহে কাম সমূহ কৰিছে ।

উল্লেখ্যযোগ্য ৰাজ্যত বাৰিষা অহাৰ পিছলৈক নলা আৰু পথৰ কাম চলি থকা পৰিলক্ষিত হয় । সেয়েহে সঠিক পৰ্যবেক্ষনৰ অভাৱত কাম সমূহৰ মানদণ্ড নিম্ন হয় । এই নলা সমূহে পানী সমূহ মুকলিকৈ ওলাই যাব নোৱাৰে । ইয়াৰ ফলত লোক সকলে হাৰাশাস্তিৰ সন্মুখীন হব লগাত পৰে । নিম্ন মানদণ্ডৰ কামৰ বাবে বাৰিষাৰ সময়ত পথ ,নলা , বান্ধ সমূহ ক্ষতিগ্ৰস্থ হোৱাৰ লগতে প্ৰায় দুবছৰ মানত ধবংস হয় ।

পথ, বান্ধ আৰু অন্যান্য কামৰ ক্ষেত্ৰতো একে সমস্যাৰ সৃষ্টি হয় । প্ৰতীক্ষা চিকিৎসালয়ৰ পথ শেহতীয়াকৈ মেৰামতি কৰা হয় । বিভাগীয় কতৃপক্ষৰ উদাসীনতা বাবে এনে সমস্যাৰ সৃষ্টি হৈছে ।

পি ডব্লিউ ডিৰ প্ৰাক্তন এজন অভিযন্তায়ে প্ৰকাশ কৰা মতে "পৰ্যবেক্ষক আৰু মহৰীৰ কামৰ পৰ্যবেক্ষন কৰাটো অতি গুৰুত্বপূৰ্ণ । তেওঁ যেতিয়া সহকাৰী অভিযন্তা আছিল তেতিয়া তিনিৰ পৰা চাৰি ঘন্টা তেওঁ কামৰ চলি থকা স্থানত পৰ্যবেক্ষন কৰে। উন্নত মানদণ্ডৰ কামেতে সমস্যা সমূহ সমাধান কৰিব পাৰিব বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com