Begin typing your search above and press return to search.

বাগিচাৰ সন্তানৰ কল্যাণঃ মাজুলীগড় বাগিচাৰ পৰিচালকৰ প্ৰশংসনীয় পদক্ষেপ

এই ক্ষেত্ৰত তেওঁ এজন আই টি বি পি জোৱানৰ সহায় লৈছে। এই আই টি বি পি জোৱান হ’ল স্থানীয় ঘিলাধাৰী বাগিচাৰ ৰাহুল তাছা ৷

বাগিচাৰ সন্তানৰ কল্যাণঃ মাজুলীগড় বাগিচাৰ পৰিচালকৰ প্ৰশংসনীয় পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2021 9:54 AM GMT

চাহ বাগিচাৰ শ্ৰমিক সন্তানৰ বাবে এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিশ্বনাথৰ মাজুলীগড় বাগিচাৰ মুখ্য পৰিচালক তৰুণ চন্দ্ৰাই ৷ বাগিচা পৰিচালকজনে নিজে উদ্যোগ লৈ চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ সন্তানৰ বাবে এটা শাৰীৰিক ব্যায়াম অনুশীলনৰ শিবিৰ আয়োজন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে বাগিচাৰ শ্ৰমিকৰ সন্তানসকলক দেশৰ সুৰক্ষা বাহিনীসমূহত যোগদানৰ বাবে উপযুক্ত কৰি তোলা ৷ এই ক্ষেত্ৰত তেওঁ এজন আই টি বি পি জোৱানৰ সহায় লৈছে। এই আই টি বি পি জোৱান হ'ল স্থানীয় ঘিলাধাৰী বাগিচাৰ ৰাহুল তাছা ৷ যোৱা ২৮ অক্টোবৰৰ পৰা এই শিবিৰ চলি আছে ৷ এই সম্পৰ্কত বাগিচা পৰিচালক চন্দ্ৰাই কয়, " আমি দুটা প্ৰধান উদ্দেশ্যৰে এই শিবিৰৰ আয়োজন কৰিছো ৷ ইয়াৰে এটা উদ্দেশ্য হৈছে বাগিচাৰ শ্ৰমিকসকলৰ ল'ৰা-ছোৱালীক সুৰক্ষা বাহিনীত যোগদানৰ বাবে সক্ষম আৰু উপযুক্ত কৰি তোলা ৷ আনটো উদ্দেশ্য হৈছে বাগিছাৰ ল'ৰা-ছোৱালীক নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তিৰ পৰা আঁতৰাই ৰখা৷"

চন্দ্ৰাই জনোৱা মতে, এই শিবিৰৰ প্ৰতি স্থানীয় ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে ৷ আনহাতে, ৰাহুল তাছাই কয় যে তেওঁ এই শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ আগবঢ়াবলৈ পাই সুখী ৷


আৰু পঢ়িব পাৰেঃ পল্লৱ গোপাল ঝা কামৰূপ মহানগৰৰ নতুন উপায়ুক্ত

Next Story
চাকৰি