ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁৱত হাতী মানুহৰ সংঘাত

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁৱত হাতী মানুহৰ সংঘাত
Published on

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁৱত সম্প্ৰতি সন্ত্ৰাসৰ সৃষ্টি কৰিছে বনৰীয়া হাতীয়ে ৷ অঞ্চলটোত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষক উপেক্ষা কৰিছে বন বিভাগে ৷ লগতে বিগত বছৰসমূহত হোৱা হাতী মানুহৰ সংঘৰ্ষই এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷দেওবাৰে নিশা ওদালগুৰি জিলাৰ ৫ নম্বৰ ভূতিয়াচাঙত বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে ৷

গাঁৱখনৰ বাসিন্দাসকলে বনৰীয়া হাতীৰ পৰা পথাৰৰ শস্যক ৰক্ষা কৰিবৰ কাৰণে সাধাৰণতে বিদ্যুত পৰিবাহী তাঁৰ ব্যৱহাৰ কৰে। এই সন্দৰ্ভত এজন গাঁৱৰ বাসীন্দাই কয় যে বনৰীয়া হাতীসমূহে খেতি পথাৰৰ শস্য সমূহক নষ্ট কৰিছে ৷ যাৰ কাৰণে সেই খেতি পথাৰসমূহক ৰক্ষা কৰিবৰ কাৰণে বিদ্যুত পৰিবাহী তাঁৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে ।

অন্যহাতে বন্য জীৱৰ এগৰাকী বিষয়াই কয় যে আমি কৃষকসকলৰ খেতিপথাৰক ৰক্ষা কৰিবৰ কাৰণে অন্য ব্যৱস্থা কৰিব লাগিব৷ কাৰণে বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা জীৱ জন্তু সমূহৰ বিপদত হ’ব ৷ ইফালে বন বিভাগ আৰু ৰাজ্য চৰকাৰৰ উপেক্ষাই প্ৰতিদিনে হাতী মানুহৰ সংঘৰ্ষৰ তীব্ৰতা বৃদ্ধি কৰিছে ৷ উল্লেখ্য যে,ওদালগুৰি জিলাৰ বিগত ছয় বছৰত ১১৫তকৈ অধিক লোক আৰু ৫৬ হাতীৰ প্ৰাণহানি হৈছে ৷

এই তথ্যত দেওবাৰে প্ৰাণহানি হোৱা এজন লোকো সন্নিবিষ্ট হৈ আছে ৷ ইফালে প্ৰকৃতি প্ৰেমীসকলে বন বিভাগৰ কৰ্মৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ লগতে প্ৰকৃতি প্ৰেমীসকলে হাতী মানুহৰ সংঘৰ্ষক হ্ৰাস কৰিবৰ কাৰণে এক নীতি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com