Begin typing your search above and press return to search.

বিৰল প্ৰতিভাৰ পৰিচয় দিলে মানসে, চক পেঞ্চিলত সৃষ্টি কৰিলে ৰংঘৰ

পেৰিছৰ আইফেল টাৱাৰ, গুজৰাটৰ ষ্টেচু অব ইউনিটী, গীটাৰ, পাবজী গেমত ব্যবহৃত বন্দুকৰ লগতে নানা সামগ্ৰীও চক পেঞ্চিলতে তৈয়াৰ কৰিবলৈ সক্ষম হৈছে।

বিৰল প্ৰতিভাৰ পৰিচয় দিলে মানসে, চক পেঞ্চিলত সৃষ্টি কৰিলে ৰংঘৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Aug 2020 6:37 AM GMT

বিৰল প্ৰতিভাৰ পৰিচয় দিলে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এজন যুৱকে। যোৰহাট অভিযান্ত্ৰিক কলেজৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী(বি ই) শিক্ষাগ্ৰহণ কৰা নাহৰকটীয়াৰ মানস প্ৰতীম গগৈয়ে মাত্ৰ ৫ ঘণ্টাৰ ভিতৰত চক পেঞ্চিলত আটাইতকৈ ক্ষুদ্ৰতম ৰংঘৰ তৈয়াৰ কৰিছে। সেই সূত্ৰে তেওঁ অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।

মানসে সাংবাদিকক জনোৱা মতে, তেওঁ ৰংঘৰেই নহয়, পেৰিছৰ আইফেল টাৱাৰ, গুজৰাটৰ ষ্টেচু অব ইউনিটী, গীটাৰ, পাবজী গেমত ব্যবহৃত বন্দুকৰ লগতে নানা সামগ্ৰীও চক পেঞ্চিলতে তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। আনকি তেওঁ এডাল চক পেঞ্চিল ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে দিহিং পাটকাই অভয়াৰণ্য সংৰক্ষণৰ প্ৰতিচ্ছবি। মানস নাহৰকটীয়াৰ কল্প নগৰৰ নিৱাসী প্ৰবীণ গগৈ আৰু ৰাণু বড়া গগৈৰ একমাত্ৰ পুত্ৰ ।

আৰু পঢ়িব পাৰেঃ বেইৰুটৰ বিস্ফোৰণত কমেও ৮০ জনৰ মৃত্যু, আহত ৪ সহস্ৰাধিক

Next Story
চাকৰি