Begin typing your search above and press return to search.

অখিলৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপত মিঞা পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

সোণতলীৰ জাওকাটা কলহীপাৰ বজাৰ ক্লাব আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে।

অখিলৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপত মিঞা পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2020 2:10 PM GMT

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপৰ জাওকাটা কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ এই প্ৰতিবাদী কাৰ্যসূচীত বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওকাটা কলহীপাৰ বজাৰ ক্লাব আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে " অখিল গগৈক মুক্তি দিয়ক", "লাফিকুল হত্যাৰ ন্যায় লাগে", "লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক", "জাতি-ধ্বংসী নাগৰিকত্ব সংশোধনী আইন আমি নামানো" আদি ধ্বনি দি বহু সময় ধৰি পৰিৱেশ উত্তাল কৰি ৰাখে। আনহাতে, প্ৰতিবাদস্থলীত অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে কয় যে অসমীয়াৰ হকে মাত মতা অখিল গগৈক চৰকাৰে অন্যায় আৰু আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰি ৰাখিছে।

মণ্ডলে লগতে অভিযোগ কৰে যে এবিএমছুৰ নেতা লাফিকুল হত্যাৰ আজি তিনি বছৰ উকলি গ'ল, কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহ'ল। লাফিকুলৰ হত্যাৰ সৈতে হাগ্ৰামা প্ৰশাসনৰ লোক জড়িত থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। আনহাতে, মুক্তাৰে কয় যে

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব, অন্যথা গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।

আৰু পঢ়িব পাৰেঃ গেলেকীত অ' এন জি চিৰ পাইপত বিস্ফোৰণ

Next Story
চাকৰি