আহি আছে মংগীতৰ নতুন সংস্কৰণ

আদিল হুছেইন আৰু কৌশিক নাথৰ বিশেষ সৃষ্টি
আহি আছে মংগীতৰ নতুন সংস্কৰণ

গুৱাহাটী:সংগীত, পৰ্যটন আৰু খাদ্যৰ ক্ষেত্ৰৰ কেইবাজনো প্ৰতিনিধিৰ সপোন উৎসৱ মংগীত আগন্তুক সপ্তাহত ৰাজ্যৰ দুটা স্থানত নতুন সংস্কৰণৰ সৈতে আহি আছে। ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত মাজুলীত আৰু ১৯ আৰু ২০ ডিচেম্বৰত সদিয়াত আয়োজন কৰা হ'ব। অসমৰ জনপ্ৰিয় বলীউড অভিনেতা আদিল হুছেইন আৰু ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বিশেষজ্ঞ কৌশিক নাথৰ ধাৰণাৰ উৎপাদন হৈছে মংগীত। মাজুলীৰ ডেকাছাং ৰিজ'ৰ্টত সীমিত সংখ্যক অংশগ্ৰহণকাৰীৰ সৈতে মংগীত: দ্য ছ'ল ছংছ ফেষ্টিভেলৰ প্ৰথম সংস্কৰণ আয়োজন কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com