বাঘজানঃ প্ৰতিবাদত ৫,৮৪৪মেট্ৰিক টন খাৰুৱা তেলৰ লোকচান অইলৰ

বাঘজানঃ প্ৰতিবাদত ৫,৮৪৪মেট্ৰিক টন খাৰুৱা তেলৰ লোকচান অইলৰ
Published on

তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ পাছত প্ৰতিবাদত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেডে । ফ্ৰতিষ্ঠানটোৱে অভিযোগ কৰা অনুসৰি এই ভয়াবহ অগ্নিকাণ্ডৰ পাছতে  স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱাৰ ফলত ৫, ৮৪৪মেট্ৰিক টন খাৰুৱা তেল আৰু ৭.৫৩ এম এম এছ চি এম প্ৰাকৃতিক গেছৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল।  

উল্লেখ্য যে যোৱা ২৭মে'ত এই তৈল ক্ষেত্ৰত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয় ৷ তাৰ পাছত যোৱা ৯জুনত তৈল ক্ষেত্ৰখনৰ পাঁচ নম্বৰ খাদত আন এক ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই অগ্নিকাণ্ডৰ ফলতো যোৱা ২৭মে'ৰ পৰা  বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীল হ'ল ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো। ইপিনে, এই অগ্নিকাণ্ডস্থলীলৈ অ' এন জি চিয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজামুন্দ্ৰীৰ পৰা সা-সঁজুলি আনিছে ৷ ইতিমধ্যে এই সা-সঁজুলি তৈল ক্ষেত্ৰখনৰ ৫নম্বৰ খাদত উপস্থিত হৈছে৷ তদুপৰি আন এক শ্ৰেণীৰ সা-সঁজুলি প্ৰতিষ্ঠানটোৱে ৰাজামুন্দ্ৰীৰ পৰা আনিছে ৷ আনহাতে, ভাৰতীয় সেনাৰ তৃতীয় ক'পৰ্ছে অগ্নিকাণ্ড সংঘটিত খাদটোৰ ওচৰত ব্ৰেইলী দলং নিৰ্মাণৰ উদ্দেশ্যে জৰীপ চলাই আছে ।অইল ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি অগ্নিকাণ্ডৰ ফলত সৃষ্ট ধ্বংসাৱশেষ দূৰ কৰাৰ কামো চলি আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com