Begin typing your search above and press return to search.

বাঘজান তৈলখাদৰ অগ্নি নিৰ্বাপনৰ তৃতীয় প্ৰচেষ্টাতো ব্যাঘাত

কিলিং প্ৰক্ৰিয়া চলি থকাৰ সময়ত ছিংগাপুৰৰ বিশেষজ্ঞৰ দলো উপস্থিত আছিল।

বাঘজান তৈলখাদৰ অগ্নি নিৰ্বাপনৰ তৃতীয় প্ৰচেষ্টাতো ব্যাঘাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2020 6:42 AM GMT

তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ড নিৰ্বাপনৰ তৃতীয়টো প্ৰচেষ্টাতো ব্যাঘাত জন্মিছে। সোমবাৰে বি অ' পি স্থাপন কৰি বিশেষজ্ঞৰ দলে উক্ত তৈল ক্ষেত্ৰৰ ৫নম্বৰ খাদৰ জুই নুমুৱাৰ দিশে অগ্ৰসৰ হয় যদিও হঠাতে সূত্ৰপাত ঘটে কাৰিকৰী বিসংগতিৰ। প্ৰাপ্ত তথ্য অনুসৰি এই বিসংগতিৰ বাবে ১৩.৩/৮ কেচিং ভাল্বত কিলিং প্ৰক্ৰিয়া চলাই থাকোঁতে ফাঁট মেলে ভাল্বটোত। ফলত পুনৰ অইল ইণ্ডিয়াৰ জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া বিফল হয়।

আনহাতে, বি অ' পিৰ ভাল্ব ছিঙি যোৱাৰ পিছত কাম স্থগিত ৰখা হৈছে। নতুন পৰিকল্পনাৰে অগ্নিনিৰ্বাপনৰ নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অইল কৰ্তৃপক্ষই। কিলিং প্ৰক্ৰিয়া চলি থকাৰ সময়ত ছিংগাপুৰৰ বিশেষজ্ঞৰ দলো উপস্থিত আছিল।

ইপিনে, এক সূত্ৰই জনোৱা মতে, বি অ' পি স্থাপন কৰাৰ পিছত কিলিং প্ৰক্ৰিয়াই হৈছে অইল ইণ্ডিয়াৰ শেষ প্ৰচেষ্টা। ইতিমধ্যে ৭০ শতাংশ কাম সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ৩০ শতাংশ কামহে বাকী আছিল। ২৪ ঘণ্টাৰ ভিতৰত অইল ইণ্ডিয়াই জুই নিৰ্বাপন কৰিব পাৰিব বুলি জানিবলৈ দিছিল, কিন্তু যান্ত্ৰিক বিজুতি দেখা দিয়াৰ ফলত কাম স্থগিত ৰখা হয়। ইয়াক লৈ অগ্নি নিৰ্বাপনৰ প্ৰক্ৰিয়াত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

আৰু পঢ়িব পাৰেঃ কেব-চিটিবাছৰ মহিলা যাত্ৰীলৈ সুখবৰ! টোল ফ্ৰী নম্বৰ মুকলি প্ৰশাসনৰ

Next Story
চাকৰি