Begin typing your search above and press return to search.

ভুৱা পৰিচয়েৰে যুৱতীক পলুৱাই নি গ্ৰেপ্তাৰ বিবাহিত ব্যক্তি

যুৱতীগৰাকীক ইণ্টাজে নিজৰ পৰিচয় বনজিত বুলি আভুৱা ভাৰে।

ভুৱা পৰিচয়েৰে যুৱতীক পলুৱাই নি গ্ৰেপ্তাৰ বিবাহিত ব্যক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2020 1:37 PM GMT

ফে'চবুকত ভুৱা পৰিচয় দি চিনাকি হৈ এগৰাকী যুৱতীক পলুৱাই নি বিবাহপাশত আবদ্ধ কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে জাগীৰোডৰ এজন ব্যক্তি। অভিযোগ অনুসৰি জাগীৰোডৰ ইণ্টাজ আলী নামৰ দুই সন্তানৰ পিতৃ লোকজনৰ সৈতে ফে'চবুকত বৰপেটাৰ এগৰাকী যুৱতীৰ পৰিচয় গঢ়ি উঠে। যুৱতীগৰাকীক ইণ্টাজে নিজৰ পৰিচয় বনজিত বুলি আভুৱা ভাৰে। ফে'চবুকত সম্পৰ্ক গঢ়ি উঠাৰ পাছত দুয়ো ফোন আৰু ৱাটছএপত কথা পাতিবলৈ লয়।

এনেদৰে কিছুদিন যোৱাৰ পাছত ইণ্টাজে যুৱতীগৰাকীক পলুৱাই আনে। তাৰ পাছতে তেওঁৰ পৰিচয় ফাদিল হয়। লগে লগে যুৱতীগৰাকী আৰক্ষীৰ দ্বাৰস্থ হয়। সেই মৰ্মে আৰক্ষীয়ে ইণ্টাজক গ্ৰেপ্তাৰ কৰে।

Next Story
চাকৰি