অসমত ২.৩ লাখৰো অধিক নতুন ভোটাৰ

অসমৰ নিৰ্বাচন বিভাগে প্ৰকাশ কৰা চূড়ান্ত নিৰ্বাচনী তালিকা ২০২৩ত ২.৩ লাখৰো অধিক ভোটাৰ বৃদ্ধি পঞ্জীয়ন হৈছে
অসমত ২.৩ লাখৰো অধিক নতুন ভোটাৰ
Published on

গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে শেহতীয়াকৈ দিয়া নিৰ্দেশনা অনুসৰি শুকুৰবাৰে অসমৰ নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা চূড়ান্ত নিৰ্বাচনী তালিকা ২০২৩ত অসমত ২.৩ লাখৰো অধিক ভোটাৰ বৃদ্ধি পঞ্জীয়ন হৈছে। ২০২২ চনৰ ৯ নৱেম্বৰত প্ৰকাশ পোৱা সংহত ফটো নিৰ্বাচনী তালিকাৰ খচৰাৰ তুলনাত এই সংখ্যা ০.৯৬ শতাংশ বৃদ্ধি পাইছে।

ৰাজ্যৰ নিৰ্বাচন বিভাগে জাৰি কৰা তথ্য অনুসৰি ৰাজ্যত এতিয়া মুঠ ভোটাৰৰ সংখ্যা ২,৪১,১১,৭৪৩ জন। এই সংখ্যাৰ ভিতৰত ১,২১,২৮,৫৪৩ গৰাকী পুৰুষ ভোটাৰ, ১,১৯,৮২,৮০৪ গৰাকী মহিলা ভোটাৰ আৰু ৩৯৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

সমষ্টি অনুসৰি কামৰূপ (ম) জিলাৰ অন্তৰ্গত দিছপুৰ এল এ চিত সৰ্বাধিক ৪,২৩,৩০৭ জন ভোটাৰ পঞ্জীয়ন হৈছে। এই এল এ চিত ৪১২টা ভোটকেন্দ্ৰ আছে য'ত ২,০৮,৯০৮টা পুৰুষ, ২,১৪,৩৮৫টা মহিলা আৰু ১৪টা তৃতীয় লিংগৰ ভোটাৰৰ সুবিধা আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com