প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত তিনি লাখৰো অধিক ঘৰ

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিগত এসপ্তাহত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত তিনি লাখৰো অধিক ঘৰ অনুমোদন জনাইছেপ্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত তিনি লাখৰো অধিক ঘৰ
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত তিনি লাখৰো অধিক ঘৰ
Published on

গুৱাহাটীঃ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিগত এসপ্তাহত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত তিনি লাখৰো অধিক ঘৰ অনুমোদন জনাইছে বুলি বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জানিবলৈ দিয়ে। দাসে কয় যে অসমে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ পৰা আৱাস+ৰ অধীনত ৩,৩১,১৯৩ টা গৃহৰ লক্ষ্য লাভ কৰিছে আৰু যোৱা এসপ্তাহত পি এণ্ড আৰ ডি বিভাগে পি এম এ ৱাই-জি আঁচনিৰ হিতাধিকাৰীক ৩,০৪,২১৮ টা ঘৰ অনুমোদন দিবলৈ সক্ষম হৈছে। দাসে লগতে কয় যে চলিত বিত্তীয় বৰ্ষৰ বিগত ৯ মাহত বিভাগটোৱে পিএমএৱাই-জিৰ অধীনত ১০ লাখৰো অধিক ঘৰ অনুমোদন জনাইছে।মন্ত্ৰী গৰাকীয়ে লগতে কয়,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ পথ প্ৰদৰ্শন আৰু সমৰ্থনৰ বাবেই ৰাজ্যত আঁচনিখন সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। যোৱা এসপ্তাহত ঘৰ অনুমোদিত হোৱা হিতাধিকাৰীসকলৰ প্ৰথম কিস্তি অতি সোনকালে মুকলি কৰি দিয়া হ'ব যাতে তেওঁলোকে নিজ নিজ ঘৰ নিৰ্মাণ আৰম্ভ কৰিব পাৰে। পি এণ্ড আৰ ডি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত পি এম এ ৱাই-জি সফল ৰূপায়ণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে বিভাগটোৰ সকলো বিষয়াক কৃতজ্ঞতা জ্ঞাপন কৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com