অসমঃ ঈশান উদয় বৃত্তি কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই জনোৱা মতে মিনহাজুল হক ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ সৈতে জড়িত ৷
অসমঃ ঈশান উদয় বৃত্তি কেলেংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
Published on

গুৱাহাটীঃ ২০১৯-২০ বৰ্ষত ঈশান উদয় বৃত্তি কেলেংকাৰীৰ সন্দৰ্ভত বুধবাৰে অসম আৰক্ষীয়ে মিনহাজুল হক নামৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

বাতৰি অনুসৰি, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত শান উদয় কেলেংকাৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে মিনহাজুল হকৰ পৰা এটা পেন ড্ৰাইভ, ২৬ খনতকৈও অধিক বেংক পাছবুক, ছয়খন বেংক চেকবুক, নোটবুক, বিভিন্ন লোকৰ পেন কাৰ্ড, জেৰক্স কপি ভোটাৰ কাৰ্ডআৰু আন কিছুমান সামগ্ৰী জব্দ কৰিছে।

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই জনোৱা মতে মিনহাজুল হক ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ সৈতে জড়িত ৷

ঈশান উদয় কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাৰ লগতে আন দুই অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰায় ডেৰ বছৰ পিছত মুল অভিযুক্ত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com