ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী

সূত্ৰৰ পৰা জানিব পৰা মতে, এই বৈঠকত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰেও অংশগ্ৰহণ কৰে

গুৱাহাটীঃ যোৱা ১০ জানুৱাৰী মঙলবাৰে নতুন দিল্লীত বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন চুক্তিৰ পৰ্যালোচনা বৈঠকৰ সময়ত সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে ৰঞ্জন দৈমাৰীৰ মুক্তি দাবী উত্থাপন কৰে। নতুন দিল্লীত বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) চুক্তিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীয়ুষ গোৱালে। এই বৈঠকত বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰেও অংশগ্ৰহণ কৰে।সভাত এবছুৰ সভাপতি দিপেন বড়োৱে সংগঠনৰ হৈ কেইবাটাও বিষয় উত্থাপন কৰে। বিচ্ছিন্নতাবাদী নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বডোলেণ্ডৰ নেতা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ উপৰি ২০২৪ চনৰ ভিতৰত বিটিআৰ চুক্তিৰ চৰ্তসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় দিপেন বড়োৱে ৷

বড়োৱে জনোৱা মতে, চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত এই চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব লাগে। দৈমাৰীৰ উপৰিও যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা সকলোকে মুকলি কৰি দিবলৈ দাবী জনাইছে। ২০০৮ চনত গুৱাহাটী কঁপাই তোলা ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ সন্দৰ্ভত উল্লেখ কৰা উচিত যে এন ডি এফ বিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰীয়ে বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com