সম্প্ৰদায়ৰ লোকৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰিবলৈ আহ্বান ৰানোজ পেগুৰ

দেউৰী স্বায়ত্তশাসিত নৱনিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী কাউন্সিলাৰসকলে দেওবাৰে শপত গ্ৰহণ কৰে
সম্প্ৰদায়ৰ লোকৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰিবলৈ  আহ্বান ৰানোজ পেগুৰ
Published on

লখিমপুৰঃ দেউৰী স্বায়ত্তশাসিত নৱনিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী কাউন্সিলাৰসকলে দেওবাৰে শপত গ্ৰহণ কৰে। লখিমপুৰ জিলাৰ উপ-আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন হলত আয়োজন কৰা এই শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত উপাধ্যক্ষ নন্দিতা দেউৰী আৰু সাতগৰাকী কাৰ্যবাহী পৰিষদে শপত গ্ৰহণ কৰে। সাতজন কাৰ্যবাহী পৰিষদক হৈছে গহপুৰৰ শশংকা বৰ দেওৰী, বংগলমোৰাৰ প্ৰফুল্ল দেওৰী, কিনাপোথাৰৰ বিজুমনি দেওৰী, গোগামুখৰ ৰাকেশ বৰ দেওৰী, সদিয়াৰ যতীন চন্দ্ৰ দেওৰী, মাৰ্ঘেৰিটাৰ যোগেন দেওৰী আৰু কোটিয়োৰীৰ হিৰঞ্জিত বীৰেশ্বৰ দেওৰী। লখিমপুৰ জিলাৰ উপ আয়ুক্ত সুমিত সত্তাৱানে সকলোকে শপত বাক্য পাঠ কৰে।শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ড° ৰানোজ পেগুৱে, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। তদুপৰি, ডি এ চিৰ অধ্যক্ষ অমৃত প্ৰভা দেওৰী, মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰী, উপ মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰী, প্ৰধান সম্পাদক মনোৰমা মৰং, লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াও উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com