Begin typing your search above and press return to search.

মহানগৰীত পুনৰ এক বাইক দুৰ্ঘটনা : ০১ জন নিহত

এখন চলন্ত বাইকত এখন ট্ৰাকে খুন্দা মৰাৰ সংঘটিত হয় এই দুৰ্ঘটনা

মহানগৰীত পুনৰ এক বাইক দুৰ্ঘটনা : ০১ জন নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-12-01T16:07:47+05:30

যোৱা নিশা, ৩০ নৱেম্বৰ তাৰিখে, গুৱাহাটীৰ সৰুসজাই অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন চলন্ত বাইকত এখন ট্ৰাকে খুন্দা মৰাৰ সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে এই দূৰ্ঘটনাত এগৰাকী মহিলা নিহত হৈছে আৰু আনজন পুৰুষ গুৰুতৰ ভাৱে আহত হৈছে।

মৃতক মহিলা গৰাকীৰ ৰুণু দাস ৰূপে চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ নুনমাটি অঞ্চলৰ মটঘৰীয়াত। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মহিলা গৰাকীয়ে ভ্ৰমণ কৰি আছিল ভাৰালৈ লোৱা এখন বাইক যোগে।

গুৱাহাটীৰ সৰুসজাই অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত খনাপাৰাৰ দিশৰ পৰা লখৰা অভিমুখী ট্ৰাক খনে খুণ্ডা মাৰে যাত্ৰীবাহী বাইকখনক। এই দূৰ্ঘটনাত অতি গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত হৈছে চালকৰ আখনত থকা ব্যক্তিগৰাকী অন্য হাতে থিতাতে মৃত্যু মুখত পৰে যাত্ৰী মহিলা গৰাকী।

তথ্য অনুসৰি এই দুৰ্ঘটনাৰ পাছত উক্ত ট্ৰাক খনে দুইগৰাকী আঘাট প্ৰাপ্ত ব্যক্তিক প্ৰায় ১কিলোমিটাৰ দূৰত্ব লৈকে চুচুৰাই লৈ যায়। এই ভয়ংকৰ দূৰ্ঘটনাত পটীত হোৱা ট্ৰাক খনৰ পঞ্জীয়ন সংখ্যা হৈছে AS ০২ AC ৭৬৬২ আৰু বাইক খনৰ পঞ্জীয়ন সংখ্যা AS ০১ EW ৬৮১৩।

উল্লেখযোগ্য যে, এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ চালক গৰাকীক, ৰফিকুল ইছলাম নামেৰে চিনাক্ত কৰা হৈছে। বৰ্তমান এই আৰোপী চালক গৰাকী গৰচুক আৰক্ষীয়ে কবলত। আৰক্ষীয়ে জনাইছে যে, আঘাট প্ৰাপ্ত বাইক চালক গৰাকীক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ।

আৰক্ষীৰ কবলত থকা ট্ৰাক চালক গৰাকীয়ে আৰক্ষীৰ সুধপুচত প্ৰকাশ কৰিছে যে, বাইক চালক গৰাকীয়ে ভুল দিশত গাড়ী চলোৱাৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনা। ইয়াৰ লগতে ট্ৰাকৰ ব্ৰেক ফেইল হোৱা বুলিও ব্যক্ত কৰিছে ট্ৰাক চালক গৰাকীয়ে। অন্যহাতে ট্ৰাক খনত চালক গৰাকীৰ সৈতে উপস্থিত হেণ্ডিমেণ গৰাকী বৰ্তমান পলাতক অৱস্থাত।


আৰু পঢ়ক: এটা ক'লা অধ্যায়ৰ সমাপ্তি: নিয়তিয়ে যেন চৰম শাস্তি বিহিলে ক'লা ল'ৰা'ক !


Next Story