উৰিষ্যাত আবদ্ধ পৰ্যটকক শীঘ্ৰে ওভতাই আনিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

উৰিষ্যাত আবদ্ধ পৰ্যটকক শীঘ্ৰে ওভতাই আনিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়াক উৰিষ্যাত আবদ্ধ হৈ থকা অসমৰ পৰ্যটক সকলক শীঘ্ৰে ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । ঘূৰ্ণি বতাহ ফেনিৰ বাবে উৰিষ্যাত বহুতো অসমৰ পৰ্যটক আবদ্ধ হৈ পৰিছে । সোমবাৰে এই লোকসকলক শীঘ্ৰে অসমলৈ অনা ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে তীৰ্থ যাত্ৰী সকলক নিৰাপদে ওভতাই অনাৰ ব্যৱস্থা কৰে। ৩২ গৰাকী তীৰ্থ যাত্ৰী সোমবাৰে সন্ধিয়া অসমত আহি উপস্থিত হয় । পূৰ্বতে উৰিষ্যাৰ পৰা ৩৪ জন পৰ্যটকক নিৰাপদে ওভতাই অনা হৈছিল ।

ফেনি ঘূৰ্ণি বতাহৰ বাবে অসমতো প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছিল । উৰিষ্যাতো এক ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছিল ফেনি ঘূৰ্ণি বতাহৰ ফলত ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com