স্মাৰ্ট চিটীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

স্মাৰ্ট চিটীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাপতিত্বত স্মাৰ্ট চিটীৰ পৰিকল্পনাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। য’ত গুৱাহাটীক সৰ্বতো প্ৰকাৰে সুন্দৰ কৰিবলৈ সিদ্ধান্ত লয়। এই বৈঠকখনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু খানাপাৰাত বৃহৎ প্ৰবেশদ্বাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত অন্তৰ্ভূক্ত আছিল।

লগতে বি বৰুৱা কেন্সাৰ ইনষ্টিউদৰ ওচৰত এখন অত্যাধুনিক ষ্টেডিয়াম আদিও অন্তৰ্ভুক্ত আছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এইখন বৈঠকত গুৱাহাটী বিকাশ বিভাগৰ বিষয়ববীয়াসকলক চিনাক্ত কৰিবলৈ কয় লগতে এই লোকসকলৰ ক্ষেত্ৰত উচিত ব্যৱস্থা ল’বলৈ কয় ৷য’ত চেনিটেৰী টয়লেট আৰু অন্য অত্যাধুনিক সকলো সুবিধা থাকে ৷

ইয়াৰ উপৰিও মহানগৰীত সততে উত্থাপন হোৱা যান বাহন সম্পৰ্কেও আলোচনা কৰে এইখন বৈঠকত । লগতে দীপৰ বিলৰ কাষৰীয়া অঞ্চলসমূহৰ লগতে বিলৰ পানী যাতে প্ৰদূষণ মুক্ত হয় তাৰ কাৰণে উপযুক্ত ব্যৱস্থা ল’বলৈ কয় কৰ্তৃপক্ষক। আনহাতে স্মাৰ্ট চিটীৰ অংশ হিছাপে গান্ধী মণ্ডপত সৌন্দৰ্য বৃদ্ধি কৰিবলৈ কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com