চৰকাৰে আৰম্ভ কৰিব চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে জলপানি

চৰকাৰে আৰম্ভ কৰিব চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে জলপানি
Published on

চৰকাৰে আৰম্ভ কৰিব চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে জলপানি । ৰাজ্য‌ চৰকাৰে চাহ বাগিচাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সিমন সিং হ'ৰ নামৰ এক জলপানিৰ ব্যৱস্থা কৰিব । এই আচঁনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক ১০ হেজাৰ টকাকৈ জলপানি দিয়া হব ।

তাৰোপৰি বৰ্তমান ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা জলপানিও অব্যাহত থাকিব । সকলোৰে মাজত সজাগতা আনিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বহু আঁচনি প্ৰনয়ন কৰিছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা "শ্ৰমিক মিত্ৰচ " নামৰ আন‌ এক আঁচনি প্ৰনয়ন কৰা হ'ব ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাৰ বাবে ।

এক সংবাদ মেলত প্ৰকাশ পোৱা অনুসৰি উক্ত সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত হোৱা এক বৈঠকত । উক্ত বৈঠক খন ষ্টেট লেভেল এডভিচৰি কমিটী ৰাজ্যৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ হকে গঠিত হৈছিল ।

তাৰোপৰি এই বৈঠকত আন এক সিদ্ধান্ত লোৱা হয় যে অসম টি কোম্পানী লিমিটেডৰ অন্তৰ্গত ১৫ খন বাগিচাৰ চাহ কৰ্মচাৰীৰ কেঁচা ঘৰ সমূহ পকী ঘৰ বনোৱা হ'ব ।

তাৰোপৰি প্ৰথম পৰ্যায়ত মুঠ ৯০০০ কেঁচা ঘৰৰ ভিতৰত ৩৫০০ ঘৰ পকী কৰা হয় । লগতে চাহ বাগিচাৰ ৪৮ টা মহকুমাত ঠিকাভিত্তিক ডাটা এন্ট্ৰি অপাৰেটৰ নিযুক্ত কৰা হৈছে যাতে চাহ বাগিচাৰ লোক সকলে প্ৰনয়ন সকলো আচনিৰ সুবিধা লাভ কৰে ।

তাৰোপৰি চাহ বাগিচাৰ ক্ষুদ্ৰ ব্যাপাৰী আৰু ব্যৱসায়ী সকলক ২৫,০০০ টকাকৈ দিয়া সমস্যাটোও আলোচনা কৰা হয় এই সভা খনত ।

এই সভাখনত চাহ বাগিচাৰ যুৱ সমাজৰ বাবে দক্ষতা বিকাশ আচনি প্ৰনয়ন কৰাৰো আলোচনা কৰে ।

লগতে অসম স্কিল ডেভেলপমেন্ট আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰত চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে ৫০% আসন সুৰক্ষিত কৰাৰ কথাও উত্থাপন কৰা হয় এই সভা খনত ।‌

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com