Begin typing your search above and press return to search.

ইচ্ছাকৃতভাবে ক'ৰ'না ভাইৰাছ বিয়পোৱাৰ অভিযোগঃ স্বাস্থ্য কৰ্মীক নিলম্বন

চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীৰে স্বাৱ পৰীক্ষা বাধ্যতামূলক কৰা বুলিও মন্ত্ৰীজনে কয় ৷

ইচ্ছাকৃতভাবে কৰনা ভাইৰাছ বিয়পোৱাৰ অভিযোগঃ স্বাস্থ্য কৰ্মীক নিলম্বন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-26T22:13:04+05:30

ইচ্ছাকৃতভাবে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছ বিয়পোৱাৰ অভিযোগত নিলম্বিত হ'ল তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন কৰ্মচাৰী। অভিযোগ অনুসৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পৰীক্ষাগাৰ সহায়ক ইক্ৰামুল হুছেইনে ইচ্ছাকৃতভাবে কৰ্তব্যস্থলীত উপস্থিত থাকি ক'ৰ'না ভাইৰাছ বিয়পায়। আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই তেজপুৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰীজনে শেহতীয়াকৈ চিকিৎসককে ধৰি কেইবাগৰাকীও চিকিৎসাকৰ্মী এই মহামাৰীত আক্ৰান্ত হোৱাত ইক্ৰামূলক জগৰীয়া কৰে ৷ স্বাৱ পৰীক্ষাৰ কৰ্তব্য কৰা ইক্ৰামূলে কিদৰে চিকিৎসালয়খনৰ সকলোৰে সংস্পৰ্শলৈ আহিব পাৰিলে বা বিনাদ্বিধাই ঘূৰিব পাৰিলে, সেই বিষয়ত মন্ত্ৰীজন ক্ষুব্ধ হৈ পৰে। লগে লগে তেওঁ আজিৰে পৰা বলৱৎ হোৱাকৈ ইক্ৰামূলক চাকৰিৰ পৰা নিলম্বিত কৰাৰ কথা উল্লেখ কৰে ৷ লগতে ইক্ৰামূলৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

আনহাতে, চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীৰে স্বাৱ পৰীক্ষা বাধ্যতামূলক কৰা বুলিও মন্ত্ৰীজনে উল্লেখ কৰে ৷

Next Story