ক'ৰ'না পজিটিভ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

ক'ৰ'না পজিটিভ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

আজি নমুনা পৰীক্ষাৰ প্ৰতিবেদনত আচুৰ্যৰ শৰীৰত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি।
Published on

ৰাজ্যত নিতৌ বৃদ্ধি পাই আছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'না পজিটিভ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। শুকুৰবাৰে কণ্ঠশিল্পীগৰাকীক চিকিত্‍সকে ক'ৰ'না পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।

সেই অনুসৰি তেওঁ নমুনা পৰীক্ষা কৰোৱায়। আজি নমুনা পৰীক্ষাৰ প্ৰতিবেদনত আচুৰ্যৰ শৰীৰত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। সম্প্ৰতি তেওঁ সৰুপথাৰস্থিত নিজ গৃহতে আছে। উল্লেখযোগ্য যে কিছুদিনমান পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কাজিৰঙাৰ বানাক্ৰান্তৰ মাজত বান সাহায্যও বিতৰণ কৰিছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com