কেন্দুকোনা পথ দুৰ্ঘটনাত নিহত ভাতৃ-ভগ্নী

স্থানীয় লোকে জানিবলৈ দিয়া মতে গাড়ীখন চলাই থকা চিকিৎসকজন এজনে এই ঘটনা সংঘটিত কৰে
কেন্দুকোনা পথ দুৰ্ঘটনাত  নিহত ভাতৃ-ভগ্নী
Published on: 

গুৱাহাটীঃ কমলপুৰ থানাৰ অধীনস্থ কামৰূপৰ কেন্দুকোনাত সংঘটিত হোৱা এক মাৰাত্মক গাড়ী দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা দুই ভাই-ভনীৰ মৃত্যু হয়। কেন্দুকোনাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী গাড়ীৰ খুন্দাত ভাতৃ-ভগ্নীসহ চাৰিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় লোকে জানিবলৈ দিয়া মতে মাতাল অৱস্থাত গাড়ীখন চলাই থকা এজন চিকিৎসকে নলবাৰীলৈ যাওঁতে লোক কেইজনক খুন্দা মাৰে। এই ট্ৰেজেডীত গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাসৰ মৃত্যু হয় (৮)। আহত চুমি দাস আৰু আইনুল হকক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।