Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰীৰ নাম লৈ ভুৱা প্ৰচাৰঃ শিৱসাগৰৰ ছাত্ৰ গ্ৰেপ্তাৰ

সোণোৱালে ৰাইজৰ পৰা সাহায্য বিচৰা বুলি ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ।

মুখ্যমন্ত্ৰীৰ নাম লৈ ভুৱা প্ৰচাৰঃ শিৱসাগৰৰ ছাত্ৰ গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2020 3:20 PM GMT

সাম্প্ৰতিক বানত বিপৰ্যস্ত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচৰা বুলি ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। ছাত্ৰজনৰ ঘৰ শিৱসাগৰৰ ডিমৌৰ থাউৰা মাজগাঁৱত। অভিযোগ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি গগৈয়ে "সপোনৰ-অসম" নামৰ এটা ফেচবুকত মুখ্যমন্ত্ৰী সোণোৱালৰ ফটো আৰু অসম চৰকাৰৰ লগো ব্যৱহাৰ কৰি বিজ্ঞাপন আকাৰে ভুৱা প্ৰচাৰ চলায়। পাছত বিজ্ঞাপনটো ভুৱা বুলি জনসংযোগ বিভাগে তথ্য উদ্ধাৰ কৰে। অসম আৰক্ষীৰ অপৰাধ শাখাই ৰাজু কলিতা নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত কালি এটা গোচৰ ৰুজু কৰে। এই গোচৰতে আৰক্ষীয়ে অভিযুক্ত দীপজ্যোতিক শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ অপৰাধ শাখাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪১৯,৪২০,৩৪ আৰু তথ্য-প্ৰযুক্তি আইনৰ ৬৬(চি) ধাৰাত গোচৰ ৰুজু হৈ আছে।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ শিৱসাগৰৰ আমগুৰিত ৰাইজে ঘোষণা কৰিলে তলাবন্ধ

Next Story
চাকৰি