Begin typing your search above and press return to search.
শিৱসাগৰত গ্ৰাম্য জীৱনৰ সহজ-সৰলতাৰ মোহত স্পেনিচ চাইক্লিষ্ট
একপ্ৰকাৰ তেওঁক গ্ৰাম্য জীৱনৰ সহজ-সৰলতাই বাৰুকৈয়ে মুগ্ধ কৰিছে

শিৱসাগৰৰ বকতাত গ্ৰাম্য জীৱনৰ সহজ-সৰলতাৰ মোহত আবদ্ধ হৈছে স্পেইনৰ এজন চাইক্লিষ্ট। তলাবন্ধ ঘোষিত হোৱাৰ পূৰ্বে শিৱসাগৰৰ গড়গাঁৱত এক যুৱ মহোত্সৱত অংশগ্ৰহণৰ উদ্দেশ্যে এই চাইক্লিষ্টজন আহে। তাৰ কিছুদিন পাছতে তলাবন্ধ ঘোষিত হোৱাত তেওঁ বকতাত আবদ্ধ হৈ পৰে। তাৰ পাছৰে পৰা তেওঁ স্থানীয় ৰাইজৰ জীৱন-যাত্ৰা উপভোগ কৰিবলৈ লৈছে। একপ্ৰকাৰ তেওঁক গ্ৰাম্য জীৱনৰ সহজ-সৰলতাই বাৰুকৈয়ে মুগ্ধ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি চাইক্লিষ্টজনে ম্যানমাৰ আৰু মণিপুৰ ভ্ৰমণ কৰি গড়গাঁৱত উপস্থিত হৈছিল। তলাবন্ধ ঘোষিত হোৱাৰ পাছত তেওঁক থকা-খোৱাৰ বাবে বকতাত ব্যৱস্থা কৰি দিয়া হৈছে।
আৰু পঢ়িব পাৰেঃ গুৱাহাটীৰ আৰু ১৫ টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা
Next Story