ৰাজ্যিক কেবিনেটৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ৰাজ্যিক কেবিনেটৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Published on

অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৯ ত ৰাজ্য চৰকাৰে সত্ৰ সমূহ বেদখল মুক্ত কৰিবলৈ এক নতুন নীতি সংযোজন কৰাৰ কথা প্ৰকাশ কৰে ।

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেবিনেট মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ আলোচনাত মিলিত হৈ বিশেষকৈ সত্ৰৰ ভূমি সমূহ বেদখল মুক্ত কৰাৰ কথা আলোচনা কৰে ।

বৰ্তমানলৈকে সত্ৰ সমূহৰ ভূমি বেদখল মুক্ত কৰিবলৈ কোনো সুস্পষ্ট নীতি নাই। ৰাইজৰ অভিযোগ তথা কোৰ্টৰ নিৰ্দেশত মাজে মাজে সত্ৰৰ ভূমিত বেদখল কৰা হয় । সত্ৰ সমূহৰ ভূমি বেদখল মুক্ত কৰিবলৈ ১৮৮৬ৰ অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইনৰ নতুন সংযোজন কৰাৰ কথা উল্লেখ কৰে । এই নীতিৰ যোগেদি সোনকালে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।

বৰ্তমান ৰাজ্য চৰকাৰ ওচৰত ৰাজ্যৰ কিমান লোকে বহি ৰাজ্যত বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰে সেয়া তথ্য নাই । এই লোকসকলৰ তথ্য ৰাখিবলৈ "অসম ব্যক্তিগত নিযুক্তি এজেঞ্চীত নতুন নীতি সংযোজনৰ কথাও উল্লেখ কৰে । এই নীতিৰ অনুযায়ী বহিৰাজ্যত কৰ্মৰত অসমৰ লোকৰ তথ্য থকাৰ লগতে দৰমহা, কৰ্ম প্ৰতিস্থানৰ নাম, নিৰাপত্তাৰ দিশ সমূহৰ সন্নিবিষ্ট কৰা থাকিব ।

এই কেবিনেট বৈঠকতে অসম শক্তি বিতৰণ নিগম লিমিটেডৰ স্বীকৃতি মূলধন ২৫০ কোটিৰ পৰিবৰ্তে ৫০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্তয়ে বিভাগটোৰ উন্নয়ন কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে।

লগতে কেবিনেটত চৰকাৰী কৰ্মচাৰী সকলক টাইম-স্কেল পদোন্নতি লাভ কৰিব বুলি প্ৰকাশ কৰে । পদোন্নতিৰ বাবে বহু বছৰ ধৰি অপেক্ষা কৰি থকা সমস্যা দূৰ কৰিব বুলি প্ৰকাশ কৰে।

কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্য্যবাহী সদস্য সকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে উন্নতি হব বুলি প্ৰকাশ কৰে। কাৰ্য্যবাহী বিষয়া সকলৰ ৫০০০ টকা দৰমহাৰ পৰিবৰ্তে ২৫,০০০ টকালৈ বৃদ্ধি কৰিব ।আনহাতে মুখ্য কাৰ্য্যবাহী বিষয়া সকলৰ ১৬,০০০ ৰ পৰিবৰ্তে ৪৫,০০০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ । তিৱা স্বায়ত্ত শাসিত পৰিষদ, মিচিং স্বায়ত্ত শাসিত পৰিষদ , ৰাভা স্বায়ত্ত শাসিত পৰিষদ, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু সোনোৱাল কছাৰি স্বায়ত্ত শাসিত পৰিষদতো এই সিদ্ধান্ত প্ৰযোজ্য হ'ব ।যোৱা বছৰত শ্বহীদ হোৱা চি আৰ পি এফক অতিৰিক্ত ভাৱে ২০ লাখ প্ৰদান কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com