Begin typing your search above and press return to search.

মঙলদৈৰ এটা মন্দিৰৰ পৰা মিঠাতেল চুৰিঃ প্ৰতিক্ৰিয়া

চোৰক সুমতি দিয়াৰ বাবে মন্দিৰ সমিতিয়ে ভগৱানক প্ৰাৰ্থনা জনোৱাৰ সিদ্ধান্ত লৈছে।

মঙলদৈৰ এটা মন্দিৰৰ পৰা মিঠাতেল চুৰিঃ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2021 9:00 AM GMT

মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিৰ মাজতে মঙলদৈৰ এটা মন্দিৰৰ পৰা চোৰে কিছু পৰিমাণৰ মিঠাতেলসহ অন্যান্য সামগ্ৰী চুৰি কৰি নিয়ে। প্ৰাপ্ত তথ্য অনুসৰি মঙলদৈৰ গেৰিমাৰীৰ শিৱ মন্দিৰত চোৰে নিশা প্ৰৱেশ কৰি মন্দিৰৰ দান পাত্ৰৰ পৰা নগদ ছশ টকা আৰু ছয় লিটাৰ মিঠাতেলসহ অন্যান্য সামগ্ৰী চুৰি কৰি নিয়ে। পিছদিনা স্থানীয় লোকে এই দৃশ্য প্ৰত্যক্ষ কৰে। মন্দিৰটোৰ পৰা চোৰে চুৰি কৰি নিয়া সামগ্ৰীসমূহ বিভিন্ন ভক্তই দান দিয়া। মন্দিৰ সমিতিয়ে সন্দেহ কৰা অনুসৰি মিঠাতেলৰ সাম্প্ৰতিক অত্যধিক মূল্যবৃদ্ধিৰ বাবে চোৰে মিঠাতেলো চুৰি কৰি নিয়ে। আনহাতে, চোৰক সুমতি দিয়াৰ বাবে মন্দিৰ সমিতিয়ে ভগৱানক প্ৰাৰ্থনা জনোৱাৰ সিদ্ধান্ত লৈছে। মন্দিৰ সমিতিৰ সভাপতিয়ে কয়, " চোৰে আমাৰ বিশ্বাসতো আঘাত হানিছে। চোৰক সুমতি দিয়াৰ বাবে আমি প্ৰাৰ্থনা জনাম।"

কিছুদিন পূৰ্বে হোজাইতো এজনে এখন দোকানৰ পৰা মিঠাতেল চুৰি কৰিছিল। পাছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা ১৬ লিটাৰ মিঠাতেল উদ্ধাৰ কৰে।


আৰু চাব পাৰেঃ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান,যোৰহাটত টেকনিচিয়ানৰ পদখালী

Next Story
চাকৰি