Begin typing your search above and press return to search.

সৰুপথাৰত হত্যা কৰি পুতি থলে গৰু ব্যৱসায়ীৰ মৃতদেহঃ তিনিজনক গ্ৰেপ্তাৰ

ইফটিকাৰ গৰুৰ ব্যৱসায়ৰ সৈতে জড়িত৷ বৃহস্পতিবাৰে দুপৰীয়াৰ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ পৰে যুৱকজন।

সৰুপথাৰত হত্যা কৰি পুতি থলে গৰু ব্যৱসায়ীৰ মৃতদেহঃ তিনিজনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2020 11:32 AM GMT

সৰুপথাৰৰ এজন গৰু ব্যৱসায়ীক হত্যা কৰিলে এটা দলে। দলটোৰ তিনিজন সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে। অৱশ্যে নাৰকীয় ঘটনাটোৰ মূল অভিযুক্ত পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃতকেইজনৰ নাম হৈছে বিকাশ তাঁতী, অনন্ত তাঁতী আৰু সৰু কৰ্মকাৰ। ঘটনাটোৰ মূল অভিযুক্ত চেইনপুৰৰ হেম বৰুৱা পলাতক অৱস্থাত আছে। অসম-নগালেণ্ড সীমান্তৰ চেইনপুৰৰ পৰা আনলা আৰু আমছুৰ সদস্যই কৰায়ত্ব কৰি অভিযুক্ত তিনিজনক আৰক্ষীক গতাই দিয়ে। আনহাতে, গৰু ব্যৱসায়ী ইফটিকাৰক হত্যা কৰি এখন চাহ বাগানত মৃতদেহ পুতি থোৱা বুলি জেৰাত প্ৰকাশ কৰিছে অভিযুক্তকেইজনে।

সম্প্ৰতি বৰপথাৰ আৰক্ষী থানাত আটাইকেইগৰাকীক সোধ-পোছ কৰি থকা হৈছে৷ ব্যৱসায়ীজনক হত্যা কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পাছতে অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

উল্লেখ্য যে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নম্বৰ ৰজাপুখুৰী বজালবাৰীৰ নাচেৰ আহমেদৰ পুত্ৰ ইফটিকাৰ আহমেদ বিগত পাঁচদিন দিন ধৰি নিৰুদ্দেশ হৈ আছিল৷ ইফটিকাৰ গৰুৰ ব্যৱসায়ৰ সৈতে জড়িত৷ বৃহস্পতিবাৰে দুপৰীয়াৰ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ পৰে যুৱকজন।

Next Story
চাকৰি