Begin typing your search above and press return to search.

গোৰেশ্বৰ আৰক্ষীৰ অধীনৰ ভোগপুৰ গাওঁৰ পৰা উদ্ধাৰ দুই নাবালিকাক

অনুসন্ধানৰ দ্বাৰা দলটি সক্ষম হয় গোৰেশ্বৰ আৰক্ষীৰ অধীনৰ ভোগপুৰ গাওঁৰ পৰা দুই নাবালিকাক উদ্ধাৰ কৰিবলৈ

গোৰেশ্বৰ আৰক্ষীৰ অধীনৰ ভোগপুৰ গাওঁৰ পৰা উদ্ধাৰ দুই নাবালিকাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 9:36 AM GMT

বৃহস্পতিবাৰে কিছু বিশ্বাসযোগ্য তথ্যত ভিত্তি কৰি কমাণ্ডেণ্ট নৱনীত কুমাৰ যাদৱৰ অধীনত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অনুসন্ধান চলায় এছ এছ বিৰ ২৪ বেটেলিয়ান আৰু ৰঙিয়া আৰু গুৱাহাটীৰ এক বে চৰকাৰী সংস্থান ACRD য়ে। উল্লেখযোগ্য যে এই অনুসন্ধানৰ দ্বাৰা দলটি সক্ষম হয় গোৰেশ্বৰ আৰক্ষীৰ অধীনৰ ভোগপুৰ গাঁৱৰ পৰা দুগৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ।

এই অনুসন্ধানৰ সময়ত কৰা সোধপোচৰ দ্বাৰা এই তথ্য পোহৰলৈ আহে যে নাবালিকা দুগৰাকী ঘৰুৱা হিংসাৰ ভুক্তভোগী আছিল। ইয়াৰ লগতে দুইগৰাকীৰে এগৰাকীক নিজ পিতৃয়ে ধৰ্ষণ কৰাৰ বিষয়ে জানিবলৈ পোৱা গৈছে। এই নাবালিকা গোৰেশ্বৰ আৰক্ষী থানাৰ অধীনৰ বাক্সা জিলাৰ এখনি সৰু গাঁৱৰ নিবাসী। এই ঘটনাৰ অভিযুক্ত বৰ্তমানে পলাতক অৱস্থাত যদিও বৰ্তমান তেওঁৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। পৰবৰ্তী সময়ত দুয়োগৰাকী নাবালিকাক যত্ন আৰু পুনৰ্সংস্থাপনৰ বাবে শিশু কল্যাণ বিভাগ (CRC) মুছলপুৰ লৈ প্ৰেৰণ কৰা হয়।

এছ এছ বিৰ ২৪ বেটেলিয়ানৰ কমাণ্ডেণ্ট হৃশিকেশ শৰ্মাই জনায় যে এই অনুসন্ধানৰ সময়ত ভাৰত - ভূটান সীমাৰ মাজেৰে অব্যাহত থকা মানৱ ব্যৱসায় বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু এই পদক্ষেপ ভবিষ্যতেও এনে ধৰণৰ মানব সৰবৰাহকাৰীৰ বিৰুদ্ধে এক সকীয়নি হিচাপে পৰিগণিত হ'ব। ইয়াৰ লগতে শৰ্মাই প্ৰকাশ কৰে যে, ইয়াৰ পূৰ্বেও মানৱ ব্যৱসায়ীৰ সৈতে বিভিন্ন কেছৰ বিৰুদ্ধে অনুসন্ধান স্থাপন কৰিছিল আৰু প্ৰায় ৫০গৰাকী ল'ৰা - ছোৱালীক এই ব্যৱসায়ীত জৰিত অপৰাধিৰ হাতত পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে।


আৰু পঢ়ক : অৰুণাচল প্ৰদেশত চীনে নিৰ্মাণ কৰা দ্বিতীয় এনক্লেভ ছবিবোৰ দেখুৱাইছে উপগ্ৰহে


Next Story
চাকৰি