নৱ প্ৰজ্বন্মৰ বৌদ্ধিক উত্তৰনৰ লক্ষ্যৰে " আকাশ "ৰ উদ্যোগত ধিঙত ব্যতিক্ৰমী কৰ্মশালা

নৱ প্ৰজ্বন্মৰ বৌদ্ধিক উত্তৰনৰ লক্ষ্যৰে " আকাশ "ৰ উদ্যোগত ধিঙত ব্যতিক্ৰমী কৰ্মশালা

গ্ৰীষ্মকালিন বন্ধত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মশালা অনুষ্ঠিত কৰা হয় । শিশু সকলৰ বৌদ্ধিক উন্নয়নৰ বাবে গীত, নৃত্য, চিত্ৰশিল্পী আদি বিভিন্ন দিশৰ কৰ্মশালা আয়োজন কৰা হয়। নৱ প্ৰজন্মৰ বৌদ্ধিক উত্তৰণৰ লক্ষ্যৰে ধিঙত বিভিন্ন দিশত ব্যতিক্ৰমী কৰ্মশালা আয়োজন কৰা হয়। " আকাশ" ৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালা আয়োজিত কৰে।

বৰ্তমান যান্ত্ৰিকতাৰ ধামখুমীয়াত আমাৰ মাজৰ পৰা যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে কিছু ঐতিহাসিক সমল, দিনক দিনে যেন নৱপ্ৰজ্বন্মৰ বাবে অচিনাকী হৈ পৰিছে আমাৰ সেই পুৰনিকলীয়া পৰম্পৰা ৷ চোতালত বহি বুঢ়ী আইৰ সাধু কোৱা বা সাধু শুনা বৰ্তমান সময়ত এক দুৰ্লভ দৃশ্য ৷ সেই আইতাৰ সাধু যেন আজি পাহৰণিৰ গৰ্ভত ৷ পৰিবৰ্তনকামী সময়ৰ সোতত যাতে বিলীন হৈ নাযায় আমাৰ সেই ঐতিহ্য পৰম্পৰা তাৰ বাবে আকাশে ধিঙত গ্ৰহন কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷

"আকাশ" ধিং শতদল শাখা সাহিত্য সভাৰ উদ্যোগত নৱ প্ৰজন্মৰ বৌদ্ধিক উত্তৰণৰ লক্ষ্যৰে সাদিনীয়াকৈ আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী কৰ্মশালাৰ, যত শতাধিক কণ কণ শিশুক শিকোৱা হৈছে সাধু কোৱাৰ লগতে অভিনয়, কবিতা আবৃতি, সংগীত, কুইজকে ধৰি বিভিন্ন প্ৰশিক্ষন ৷ ধিং ৰত্নভৱন প্ৰাঙ্গণত যোৱা ২২ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষন অহা ২৯ জুলাইত সামৰণি পৰিব ৷ গতানুগতিকতাৰ বিপৰীতে অনুষ্ঠানটোৱে গ্ৰহন কৰা এনে প্ৰদক্ষেপক আদৰনি জনাইছে ধিঙৰ সচেতন মহলে ৷

গ্ৰীষ্মকালিন বন্ধত শিশু সকলৰ বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন কৰ্মশালাৰ আয়োজন কৰিব । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিনয়, নৃত্য, গীত , চিত্ৰশিল্পী , ভাস্কয্য আদিকে ধৰি বিভিন্ন বিষয়ৰ কৰ্মশালা আয়োজন কৰা পৰিলক্ষিত হয় । আকাশৰ উদ্যোগতো ধিঙত এই ব্যতিক্ৰমী কৰ্মশালা আয়োজন কৰা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com