ৰাজ্যিক বাতৰি
বড়ো চুক্তিৰ প্ৰতিটো দফা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী
বড়ো শান্তি চুক্তি ২০২০ৰ সকলো দফা পূৰণৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰক্ৰিয়াটো ধাৰাবাহিকভাৱে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয়
গুৱাহাটীঃ ৰাজ্য চৰকাৰে বড়ো শান্তি চুক্তি ২০২০ৰ সকলো দফা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰক্ৰিয়াটো ক্ৰমাগতভাৱে আগবাঢ়িছে বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয়। সদৌ বডো ছাত্ৰ সন্থাৰ ৫৫ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ দি শৰ্মাই কয় যে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নত শান্তি আৰু সমৃদ্ধি ঘূৰি আহিছে। তেওঁ উল্লেখ কৰে যে বিটিআৰত অতিৰিক্ত ৬০খন গাঁও অন্তৰ্ভুক্ত কৰাৰ ফলত বিটিআৰৰ সীমান্ত গহপুৰলৈকে সম্প্ৰসাৰণ কৰা হ'ব।বডো জনগোষ্ঠীৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক বিকাশৰ বাবে ১৯৮৩ চনৰ পৰা এবছুৱে গ্ৰহণ কৰা ভূমিকাক মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰে।
লগতে পঢ়ক: ভাৰত বায়'টেকৰ কোভিডৰ ভেকচিন মুকলি

