আই নৈৰ বান-খহনীয়াৰ স্থায়ী সমাধান সূত্ৰ উলিয়ামঃ সোণোৱাল

পোনপটীয়া অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্যে তেওঁ নিজেই কেইবাখনো জিলাৰ বান পৰিস্থিতি বুজ লৈছে।
আই নৈৰ বান-খহনীয়াৰ স্থায়ী সমাধান সূত্ৰ উলিয়ামঃ সোণোৱাল
Published on

আই নৈয়ে বঙাইগাঁও আৰু চিৰাং জিলাত সৃষ্টি কৰা বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব ৰাজ্য চৰকাৰে। আজি জিলা দুখনৰ এই জটিল সমস্যা দুটা বুজ লোৱাৰ পাছত তেওঁ কয় যে আই নৈৰ বানে বৃহত্তৰ অঞ্চলৰ খেতিপথাৰৰ শস্য নষ্ট কৰিলে। তদুপৰি নৈখনে সৃষ্টি কৰা বানত চিৰাঙৰ লগতে বঙাইগাঁও জিলাৰ ৰাইজৰো বিস্তৰ ক্ষতিসাধন কৰে। সোণোৱালে লগতে কয় যে পোনপটীয়া অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্যে তেওঁ নিজেই কেইবাখনো জিলাৰ বান পৰিস্থিতি বুজ লৈছে।

আজি মুখ্যমআই নৈয়েন্ত্ৰীয়ে ৩৪১ নম্বৰ মাঝাৰাবাৰী এল পি স্কুল আৰু ১২৮ নম্বৰ নাওপাৰা এল পি স্কুলত স্থাপিত বান আশ্ৰয় শিবিৰৰো অৱস্থাৰ বুজ লয়।শিবিৰ দুটাত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ সৈতেও তেওঁ মত বিনিময় কৰে।যোৱা নিশা মুখ্যমন্ত্ৰীয়ে চিৰাং আৰু বঙাইগাঁও জিলাৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰো বুজ লয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com