অসমলৈ অধিক অৰ্ধ সামৰিক দল প্ৰেৰণৰ যো জা

অসমলৈ অধিক অৰ্ধ সামৰিক দল প্ৰেৰণৰ যো জা
Published on

অসমলৈ অধিক অৰ্ধ সামৰিক দল প্ৰেৰণৰ যো জা ।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জ্বলিছে সমগ্ৰ ৰাজ্য।নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত সমগ্ৰ ৰাজ্যত জনতাৰ মাজত অধিক ক্ষোভৰ উদ্গীৰণ হৈছে।সাধাৰণ জনতা,শিল্পী সমাজ,বিভিন্ন সংগঠন,বুদ্ধিজীৱী,শিক্ষক ,সাংবাদিক সকলো শ্ৰেণীৰ লোকেই ওলাই আহিছে এই প্ৰতিবাদত।এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা দুটা অৰ্ধ সামৰিক বাহিনীক প্ৰত্যাহাৰ কৰি অসমলৈ প্ৰেৰণ কৰিবলৈ যো জা চলাইছে ।

আনফালে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদ দেখা গৈছে।তিনিচুকীয়াত বুধবাৰে দেখা গল সাধাৰণ জনতাৰ কেববিৰোধী প্ৰতিবাদ।উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এই প্ৰতিবাদ কৰিলে সাধাৰণ জনতাই।গুৱাহাটীটো জনতা ভৱনৰ সন্মুখত সাধাৰণ ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখা গৈছে।আৰক্ষীয়ে প্ৰতিবাদী জনতাক ছত্রভংগ দিবলৈ কন্দুৱা গেছ,লাঠী চালনা কৰে।কেবৰ বিৰুদ্ধে বুধবাৰে পুৱা ডিগবৈৰ আৰ ডি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ কৰে।কলা বেজ পৰিধান কৰি হাতে হাতে কেব বিৰোধী শ্লোগান আৰু প্লেকাৰ্ড লৈ ছাত্ৰ সমাজে কৰে প্ৰতিবাদ ।প্ৰতিবাদত অংশগ্ৰহন কৰে আলফা নেতা জিতেন দত্ত,ছাত্ৰ সমাজ,বিভিন্ন দল সংগঠনৰ নেতা,সাংবাদিক,সমাজকৰ্মীৰ ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com