ক'ৱিড-১৯ত মৃত্যু হোৱা নাছিল ছ'হম শ্ব'পিৰ কৰ্মচাৰী যোগেশ হালৈৰ

শেহতীয়া পৰিস্থিতিত মানসিকভাৱে বহু পৰিমাণে ভাগি পৰিছিল যোগেশ।
ক'ৱিড-১৯ত মৃত্যু হোৱা নাছিল ছ'হম শ্ব'পিৰ কৰ্মচাৰী যোগেশ হালৈৰ
Published on

ক'ৱিড-১৯ মহামাৰীত মৃত্যু হোৱা নাছিল যোৰহাট নগৰত অৱস্থিত ছ'হম শ্ব'পি নামৰ শ্ব'পিং মলটোৰ কৰ্মচাৰী যোগেশ হালৈৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ নমুনা পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে। ক'ৱিড–১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। উল্লেখ্য যে দেওবাৰে পুৱা বিচনাত বহি টিভি চাই থকা অৱস্থাতে হঠাৎ মৃত্যু হৈছিল যোৰহাটৰ ২নং সোণাৰিগাঁৱত ভাড়াতীয়া হিচাপে থকা হালৈৰ।

তেওঁ এটা তিনি মহলীয়া অট্টালিকাত ভাড়াঘৰত আছিল। সেই তিনিমহলীয়া অট্টালিকাটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা ১৪ জুলাইত ক'ৱিড-১৯ত আক্ৰান্ত হোৱাত উক্ত ঘৰটো প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ৰূপে ঘোষণা কৰে। কণ্টেইনমেণ্ট হোমত থকা অৱস্থাতে যোগেশৰ হঠাৎ মৃত্যু হোৱা ঘটনাই সচকিত কৰি তোলে ওচৰ-পাঁজৰৰ বহু লোকক।

ইপিনে, এক সূত্ৰৰ মতে, শেহতীয়া পৰিস্থিতিত মানসিকভাৱে বহু পৰিমাণে ভাগি পৰিছিল যোগেশ। এই কথা তেওঁ দুই-এজনক ব্যক্তও কৰিছিল। দীঘলীয়া লকডাউন অব্যাহত থকাৰ ফলত নিজৰ চাকৰিটো থাকিবনে নাই তাক লৈয়ো দুঃচিন্তাত ভুগিছিল যোগেশ। তেওঁক একপ্ৰকাৰ হতাশাই গ্ৰাস কৰিছিল। এনে অৱস্থাতে তেওঁৰ আকস্মিকভাবে মৃত্যু হয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com