অসম কেবিনেটৰ নতুন ৰাজ্যিক ডাটা নীতি ২০২৬ অনুমোদন, AI-ভিত্তিক একক ডাটাবেছৰ বাবে গঠন হ’ব ডাটা মেনেজমেণ্টৰ কেন্দ্ৰ

মন্ত্ৰী অতুল বৰাই সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, ২২ মে’ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া ১৬তম অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ খচৰা কেবিনেটে অনুমোদন জনাইছে।
অসম কেবিনেটৰ নতুন ৰাজ্যিক ডাটা নীতি ২০২৬ অনুমোদন, AI-ভিত্তিক একক ডাটাবেছৰ বাবে গঠন হ’ব ডাটা মেনেজমেণ্টৰ কেন্দ্ৰ
Published on

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত কালি সন্ধিয়া লোক সেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আছিল অসম ৰাজ্যিক ডাটা নীতি অনুমোদন আৰু নতুন বিধানসভা অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণ অনুমোদন।

মন্ত্ৰী অতুল বৰাই সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, ২২ মে’ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া ১৬তম অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ খচৰা কেবিনেটে অনুমোদন জনাইছে।

ইয়াৰ উপৰিও, কেবিনেটে Assam State Data Policy (ASDP) ২০২৬ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নীতিখনৰ অধীনত Centre for Data Management (CDM) গঠন কৰা হ’ব, যিয়ে AI আৰু ডাটা বিশ্লেষণৰ বাবে একক ৰাজ্যিক ডাটাবেছ তৈয়াৰ কৰিব।

সকলো চৰকাৰী বিভাগক সংগঠিতভাৱে তথ্য ভাগ-বতৰা কৰিবলৈ কোৱা হ’ব, যাতে চৰকাৰী কাম-কাজ সহজ হোৱাৰ লগতে নাগৰিকসকলেও লাভান্বিত হয় আৰু নতুন উদ্ভাৱনক উৎসাহিত কৰা যায়।

অধিক পঢ়ক - ভাৰত-ইটালীৰ সন্ত্ৰাসবাদৰ তীব্ৰ নিন্দা, প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com