

বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংলগ্ন কাৰ্বি আংলঙৰ দক্ষিণাঞ্চলৰ বনাঞ্চলসমূহ এসময়ত ঢোল বা এছিয়াটিক বনৰীয়া কুকুৰৰ স্বাভাৱিক বাসস্থান হিচাপে পৰিচিত আছিল। সময়ৰ সৈতে এই অঞ্চলৰ পৰা ঢোলৰ দল সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে বুলি ধাৰণা কৰা হৈছিল যদিও, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষকসকলে স্থাপন কৰা এটা কেমেৰা ট্ৰেপত এই অঞ্চলত এটা ঢোলৰ উপস্থিতি ধৰা পৰে।
এই ফটোগ্ৰাফিক প্ৰমাণৰ পিছত, বন আৰু বন্যপ্ৰাণী পৰিবেশ বিজ্ঞানত বিশেষজ্ঞ উইচকনচিন বিশ্ববিদ্যালয়–মেডিচনৰ গৱেষক দল এটাই সম্প্ৰতি এই বিস্তৃত ভূখণ্ডত সমীক্ষা আৰু গৱেষণা চলাই কেৱল ঢোলৰ এটা দল দেখা পোৱাই নহয়, তেওঁলোকৰ ছবি তুলিবলৈও সক্ষম হয়।
এই নথিভুক্ত প্ৰমাণ লাভ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ছ’চিয়েল মিডিয়াত মন্তব্য কৰে যে মুক্তভাৱে বিচৰণ কৰা ঢোলসমূহে এতিয়া পুনৰ নিজৰ স্বাভাৱিক বাসস্থানলৈ ঘূৰি আহিছে। তেওঁ কয় যে এই ঘটনা কেৱল এটা প্ৰজাতিৰ উভতি অহা নহয়, বৰং বনাঞ্চলৰ পুনৰুজ্জীৱন, জীৱবৈচিত্ৰ্য সংৰক্ষণ সম্পৰ্কীয় সচেতনতা বৃদ্ধি আৰু অবিৰত সংৰক্ষণ প্ৰচেষ্টাৰ এক শক্তিশালী স্বীকৃতি।
উল্লেখযোগ্য যে অসমীয়া গৱেষক জ্যোতিষ ৰঞ্জন ডেকাই, যি উইচকনচিন বিশ্ববিদ্যালয়–মেডিচনৰ বন আৰু বন্যপ্ৰাণী পৰিবেশ বিজ্ঞান বিভাগত গৱেষণা কৰি আছে, নিজৰ গৱেষক দলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ কৰ্তৃপক্ষ তথা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সহযোগত কাজিৰঙা–কাৰ্বি আংলং বিস্তৃত বনাঞ্চলত গৱেষণা চলাই আহিছে।
Dhole-ক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN)-এ বিপন্ন প্ৰজাতি হিচাপে চিহ্নিত কৰিছে। এছিয়াৰ অন্যতম কম অধ্যয়ন কৰা মাংসভোজী প্ৰাণী হিচাপেও ঢোলক গণ্য কৰা হয়।
অধিক পঢ়ক - মুম্বাইত দ্বিতীয় অসম ভৱন নিৰ্মাণৰ পথ সুগম; ৪.৮ বিঘা ভূমি অসম চৰকাৰক হস্তান্তৰ