কৃত্ৰিম বান সমস্যাক লৈ দাখিল হোৱা PIL-ত শপতনামা দাখিলৰ বাবে সময় বিচাৰিলে অসম চৰকাৰে

অসমৰ বিভিন্ন চহৰত সঘনাই হোৱা কৃত্ৰিম বান, খোলা মেনহোল, ঢাকি নথকা নলা আৰু বিপজ্জনক নিকাশী ব্যৱস্থাৰ বিৰুদ্ধে গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা দুটা জনস্বাৰ্থমূলক আবেদন (PIL)-ৰ ক্ষেত্ৰত অসম চৰকাৰে এতিয়াও শপতনামা দাখিল কৰা নাই।
কৃত্ৰিম বান সমস্যাক লৈ দাখিল হোৱা PIL-ত শপতনামা দাখিলৰ বাবে সময় বিচাৰিলে অসম চৰকাৰে
Published on

গুৱাহাটীঃ অসমৰ বিভিন্ন চহৰত সঘনাই হোৱা কৃত্ৰিম বান, খোলা মেনহোল, ঢাকি নথকা নলা আৰু বিপজ্জনক নিকাশী ব্যৱস্থাৰ বিৰুদ্ধে গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা দুটা জনস্বাৰ্থমূলক আবেদন (PIL)-ৰ ক্ষেত্ৰত অসম চৰকাৰে এতিয়াও শপতনামা দাখিল কৰা নাই। আজি আদালতে আবেদন দুটাৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত চৰকাৰে শপতনামা দাখিলৰ বাবে অধিক সময় বিচাৰে।

অধিবক্তা সন্দীপ চামৰীয়াই জনোৱা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা PIL (নং ৪২/২০২৬)-ত অসমৰ একাধিক চহৰ আৰু পৌৰ এলেকাত সঘনাই হোৱা কৃত্ৰিম বান আৰু অসুৰক্ষিত নিকাশী ব্যৱস্থাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। এই এলেকাসমূহৰ ভিতৰত গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, নগাঁও, যোৰহাট, তেজপুৰ, তিনিচুকীয়া, কৰিমগঞ্জ আদি অন্তৰ্ভুক্ত।

এই PIL-ত সমগ্ৰ ৰাজ্যজুৰি বৈজ্ঞানিক আৰু সমন্বিত নগৰীয়া বান নিয়ন্ত্ৰণ নীতি প্ৰস্তুত আৰু কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰা হৈছে। লগতে খোলা মেনহোল, ঢাকি নথকা নলা আৰু ভঙা নিকাশী ব্যৱস্থাৰ ফলত সংঘটিত মৃত্যুৰ ঘটনা, বিদ্যুৎস্পৃষ্ট, দুৰ্ঘটনা আৰু আঘাতৰ বিষয়েও উল্লেখ কৰা হৈছে। উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি চৰকাৰক দুসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে।

ইয়াৰ উপৰিও, গুৱাহাটী চহৰৰ খোলা মেনহোল আৰু নলাৰ সমস্যাক কেন্দ্ৰ কৰি অধিবক্তা সন্দীপ চামাৰিয়াই দাখিল কৰা আন এক সদৃশ PIL (নং ৩৪/২০২৬)-ৰ শুনানিৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিভাগীয় বেঞ্চে ৰাজ্য চৰকাৰৰ আচৰণক লৈ তীব্ৰ অসন্তোষ প্ৰকাশ কৰে।

অধিবক্তা সন্দীপ চামৰীয়াই জনোৱা মতে, ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১২ মে’ত গৌহাটী উচ্চ ন্যায়ালয়ই গুৱাহাটী চহৰৰ সকলো খোলা মেনহোল আৰু নলা তৎকালীনভাৱে ঢাকিবলৈ আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিস্তৃত শপতনামা দাখিল কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। কিন্তু আজি শুনানিৰ দিনা চৰকাৰে শপতনামা দাখিল কৰাত ব্যৰ্থ হয় আৰু পুনৰ এবাৰ এক সপ্তাহৰ সময় বিচাৰে।

আদালতে কঠোৰভাৱে মন্তব্য কৰে যে খোলা মেনহোল অথবা অসুৰক্ষিত নলাৰ বাবে কোনো নিৰ্দোষ নাগৰিকৰ মৃত্যু হ’ব নালাগে। আদালতে এই বিষয়ত কেৱল পলম অথবা নিষ্ক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি বুলিও স্পষ্ট কৰে। লগতে আদালতে চৰকাৰক তৎক্ষণাৎ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে আৰু গুৱাহাটী চহৰৰ মেনহোল আৰু নলাসমূহ সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপৰ সম্পূৰ্ণ বিৱৰণসহ শপতনামা দাখিল কৰিবলৈ কয়।

অধিক পঢ়ক - ২০২৪-২৫ত অসমৰ বকেয়া ঋণৰ পৰিমাণ বৃদ্ধি; ঋণ ব্যৱস্থাপনা আৰু আৰ্থিক চাপক লৈ CAG-ৰ মন্তব্য

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com