গুৱাহাটীৰ আন্তঃগাঁথনি নিৰ্মাণ কোম্পানীৰ সঞ্চালক মুকেশ জালান ১৩ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ

জিএছটি ইন্টেলিজেন্স এণ্ড এনফ’ৰ্চমেণ্ট ইউনিট, অসমে প্ৰায় ১৩ কোটি টকাতকৈ অধিক কৰ ফাঁকি আৰু বৃহৎ কৰ অনিয়মৰ অভিযোগত গুৱাহাটীৰ সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ মালিক তথা সঞ্চালক মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে।
গুৱাহাটীৰ আন্তঃগাঁথনি নিৰ্মাণ কোম্পানীৰ সঞ্চালক মুকেশ জালান ১৩ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ
Published on

গুৱাহাটীঃ জিএছটি ইন্টেলিজেন্স এণ্ড এনফ’ৰ্চমেণ্ট ইউনিট, অসমে প্ৰায় ১৩ কোটি টকাতকৈ অধিক কৰ ফাঁকি আৰু বৃহৎ কৰ অনিয়মৰ অভিযোগত গুৱাহাটীৰ সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ মালিক তথা সঞ্চালক মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে।

আঠগাঁৱৰ হনুমান টাৱাৰত থকা প্ৰতিষ্ঠানটোত চাৰি দিন ধৰি চলোৱা অভিযানৰ অন্তত আজি জিএছটি বিষয়াসকলে তেওঁক গ্ৰেপ্তাৰ কৰে। এই কোম্পানীটোৱে পথ আৰু দলং নিৰ্মাণৰ কাম কৰে আৰু PWD আৰু NHIDCLৰ একাধিক চৰকাৰী আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিছে।

সূত্ৰ অনুসৰি, তদন্তকাৰীয়ে কোম্পানীটোৰ জিএছটি নথিপত্ৰত কেইবাটাও অসংগতি ধৰা পেলাইছে। ইয়াৰ ভিতৰত কম কৰ পৰিশোধ, ভুৱা ইনপুট টেক্স ক্ৰেডিট দাবী, অধিক ক্ৰেডিট ব্যৱহাৰ আৰু অযোগ্য কৰ দাবীৰ অভিযোগ আছে।

তদন্তৰ অংশ হিচাপে বিষয়াসকলে কোম্পানীটোৰ আৰ্থিক নথি, বেংক ষ্টেটমেণ্ট, অডিট ৰিপ’ৰ্ট আৰু ডিজিটেল তথ্য পৰীক্ষা কৰি আছে।

উল্লেখযোগ্য যে, কোম্পানীটোৱে যোৰহাটৰ পৰা ঝাঁঞ্ছিলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ৰ চাৰিলেন নিৰ্মাণ প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছিল। এই প্ৰকল্পটোৰ মূল্য প্ৰায় ২৫৮ কোটি টকা।

ইয়াৰ পূৰ্বে, স্থানীয় উপ-ঠিকাদাৰসকলৰ ধন নিদিয়া আৰু আৰ্থিক অনিয়মৰ অভিযোগত যোৰহাট আৰক্ষীয়ে যোৱা বছৰ মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছিল।

অভিযোগ অনুসৰি, কোম্পানীটোৱে প্ৰায় ৪ কোটি টকা পৰিশোধ নকৰাকৈ প্ৰকল্পৰ কাম এৰি থৈ যায় বুলি স্থানীয় ঠিকাদাৰসকলে টিয়ক থানাত এজাহাৰ দাখিল কৰিছিল। এই ঘটনাত ভাৰতীয় ন্যায় সংহিতাৰ (BNS) বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

জিএছটি সম্পৰ্কীয় অভিযোগৰ তদন্ত বৰ্তমানো অব্যাহত আছে।

অধিক পঢ়ক - অসম্পূৰ্ণ হৈ থকা প্ৰকল্পত কোটি কোটি টকা আবদ্ধ; ধনৰ অপচয়

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com