ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন
Published on

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন। ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই কথা সামাজিক মাধ্যমিক যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

সৰ্বমুঠ ৩,৩০,৭৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছে ২,৪৭,৮৬৫গৰাকী পৰীক্ষাৰ্থী। আনহাতে, বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু বাণিজ্য শাখাত মুঠ ১৯,৮০৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

ঘোষণাৰ তাৰিখ নিশ্চিত হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক ২৮ এপ্ৰিলত লাইভ হোৱাৰ পিছত অফিচিয়েল এ এছ ই বি পৰ্টেলত ফলাফল পৰীক্ষাৰ বাবে এডমিট কাৰ্ড আৰু ৰোল নম্বৰ হাতত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com