

ডিমৌ: অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফল ৪ মে’ত ঘোষণা কৰা হয়।NDA প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে ৯৫ নং ডিমৌ সমষ্টিৰ আসনখন বৃহৎ ব্যৱধানত জয় লাভ কৰে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI)ৰ প্ৰাৰ্থী অজয় বৰাক ৩৩,৫২৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
ফলাফল ঘোষণা হোৱাৰ পিছত, ভোট গণনা কেন্দ্ৰ শিৱসাগৰৰ পৰা সুশান্ত বৰগোহাঁই ডিমৌ সমষ্টিলৈ আহে আৰু সোমবাৰে দলীয় কৰ্মীসকলে তেওঁক উষ্ম আদৰণি জনায়। ডিমৌ আলুন নগৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ অটল বিহাৰী বাজপেয়ী ভৱনত দলীয় কৰ্মীসকলে তেওঁক ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সন্মানিত কৰে আৰু আনন্দ উৎসৱ পালন কৰে।
অধিক পঢ়ক - গোলাঘাটৰ বগামাটি অঞ্চলত বনৰীয়া হাতীয়ে ক্ষতিসাধন কৰিলে ঘৰ, বিদ্যালয়