

অ’ছলো: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে নৰৱেৰ ৰাজা হেৰাল্ড ভিয়ে নৰৱেৰ সৰ্বোচ্চ সন্মান ‘Grand Cross of the Royal Norwegian Order of Merit’ প্ৰদান কৰে। এইটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু চলি থকা পাঁচখন দেশ ভ্ৰমণৰ সময়ত দ্বিতীয়টো সন্মান।
ইয়াৰ পূৰ্বে দেওবাৰে ছুইডেনয়ে তেওঁক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ, কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰিছিল।
সন্মান লাভ কৰাৰ পিছত PM মোদীয়ে কয়, “Grand Cross of the Royal Norwegian Order of Merit লাভ কৰি মই গৌৰৱান্বিত। এই সন্মান ভাৰতৰ জনসাধাৰণক উৎসৰ্গা কৰিছো। ই ভাৰত আৰু নৰৱেৰ মাজৰ গভীৰ বন্ধুত্বৰ প্ৰতীক।”
বিশ্লেষকসকলৰ মতে, PM মোদীৰ এই সাফল্যই বিশ্বমঞ্চত ভাৰতৰ শক্তিশালী উপস্থিতি আৰু গ্লোবেল চাউথৰ নেতা হিচাপে ভাৰতৰ উত্থানক প্ৰতিফলিত কৰিছে।
ইয়াৰ পূৰ্বে সোমবাৰে মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গহৰ ষ্ট'ৰৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত দুয়ো নেতাই বাণিজ্য আৰু বিনিয়োগ, ব্লু ইক’নমি, নবীকৰণযোগ্য শক্তি, শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, AI, মহাকাশ আৰু আৰ্কটিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰে।
ভাৰত আৰু নৰৱেই ‘সেউজ কৌশলগত অংশীদাৰিত্ব’ গঠনৰ সিদ্ধান্ত লৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালয়ে জানিবলৈ দিয়ে।
সন্মান লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “Grand Cross of the Royal Norwegian Order of Merit লাভ কৰি মই গৌৰৱান্বিত। এই সন্মান ভাৰতৰ জনসাধাৰণক উৎসৰ্গা কৰিছোঁ আৰু ই ভাৰত-নৰৱেৰ দীঘলীয়া বন্ধুত্বৰ প্ৰতীক। ইয়াৰ জৰিয়তে বিশ্ব উন্নয়নৰ ক্ষেত্ৰত আমাৰ যৌথ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।”
বিশ্লেষকসকলৰ মতে, PM মোদীৰ এই সাফল্য আৰু বিদেশৰ সংসদসমূহত দিয়া ভাষণসমূহে বিশ্বমঞ্চত ভাৰতৰ শক্তিশালী উপস্থিতিক প্ৰতিফলিত কৰিছে। লগতে তেওঁক দেশৰ অন্যতম সক্ৰিয় বিশ্বনেতা হিচাপে চিহ্নিত কৰিছে।
দুয়ো দেশেই বাণিজ্য আৰু বিনিয়োগ, ব্লু ইক’নমি, চাৰ্কুলাৰ ইক’নমি, নবীকৰণযোগ্য শক্তি, শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, AI, মহাকাশ আৰু আৰ্কটিক ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালয়ে X-ত প্ৰকাশ কৰা অনুসৰি, PM মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীয়ে অ’ছলোত সীমিত আৰু প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। দুয়ো নেতাই ভাৰত-নৰৱে সম্পৰ্কক “Green Strategic Partnership”লৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়, যি পৰিষ্কাৰ শক্তি, ব্লু ইক’নমি আৰু সেউজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
দুয়ো নেতাই ভাৰত-ইএফটিএ (India-EFTA) বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ফলত সৃষ্টি হোৱা বিশাল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ বাণিজ্য, প্ৰযুক্তিগত সহযোগিতা আৰু কর্মসংস্থাপনৰ ক্ষেত্ৰত এই চুক্তিয়ে নতুন সুযোগ সৃষ্টি কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
দুয়ো নেতাই আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। নৰৱেৰ প্ৰধানমন্ত্ৰী Jonas Gahr Støreয়ে ভাৰত আৰু বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজত শক্তিশালী সমৰ্থন জনায়। লগতে বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়েও দুয়ো দেশ একমত হয়।
নৰৱে ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় India-Nordic Summit-ত অংশগ্ৰহণ কৰিব আৰু একাধিক দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। এইটো PM মোদীৰ প্ৰথম নৰৱে ভ্ৰমণ। লগতে ৪৩ বছৰৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ নৰৱে ভ্ৰমণ হিচাপেও এই সফৰ বিশেষ গুৰুত্ব বহন কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে PM মোদীৰ এই ভ্ৰমণে ভাৰত-নৰৱে অংশীদাৰিত্বত নতুন গতি আনিব।
MEA-ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালয়ে X-ত লিখে, “God morgen, Norge! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অ’ছলো, নৰৱেত উপস্থিত হৈছে। বিশেষ সন্মানসূচক ব্যৱস্থা হিচাপে নৰৱেৰ প্ৰধানমন্ত্ৰী জ'নাছ গহৰ ষ্ট'ৰয়ে বিমানবন্দৰত তেওঁক স্বাগতম জনায়। PM মোদীৰ এইটো প্ৰথম নৰৱে ভ্ৰমণ আৰু ৪৩ বছৰৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম নৰৱে সফৰ।”
“নৰৱে ভাৰতৰ এক গুৰুত্বপূর্ণ অংশীদাৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব আৰু কাইলৈ তৃতীয় India-Nordic Summit-ত যোগ দিব,” বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালয়ে কয়।
তেওঁ লগতে উল্লেখ কৰে যে এই ভ্ৰমণে ভাৰত-নৰৱে অংশীদাৰিত্বত “নতুন গতি আৰু শক্তি” যোগাব।
অধিক পঢ়ক - অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক (DC) কঠোৰ নিৰীক্ষণৰ নিৰ্দেশ