

বিশ্বনাথ চাৰিআলি: বিশ্বনাথ জিলাত শাসক দল ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party)-এ তৃতীয়বাৰৰ বাবে ধাৰাবাহিকভাৱে তিনিখনেই বিধানসভা আসনত জয়লাভ কৰিছে।
বিশ্বনাথ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয়ন্ত বৰাক ২৫,৭৭০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। পল্লব লোচন দাসে মুঠ ৮৪,৮৬২টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই ৫৯,০৯২টা ভোট লাভ কৰে। আনহাতে এএপি-ৰ অনন্ত গগৈয়ে ১,৪৭১টা, জিএছপি-ৰ চাহিদুল আলমে ১,১৫৩টা, জেএমএম-ৰ তেহাৰু গৌৰে ১২,৫০১টা ভোট লাভ কৰে, আৰু ১,৮৫৫ জন ভোটাৰে ন’টা (NOTA) বাচি লৈছে।
বিহালী বিধানসভা সমষ্টিত বিজেপিৰ মুনিন্দ্ৰ দাসে চিপিআই(এমএল)ৰ জ্ঞানেন্দ্ৰ চৰকাৰক পৰাস্ত কৰে। মুনিন্দ্ৰ দাসে ৮৭,২২৪টা ভোট লাভ কৰাৰ বিপৰীতে জ্ঞানেন্দ্ৰ চৰকাৰে ২৬,৫২১টা ভোট লাভ কৰে। জিএছপি-ৰ পবন প্ৰাণ ৰবিদাসে ১,৯৯৯টা আৰু স্বতন্ত্ৰ প্ৰাৰ্থী অজয় সিংহই ১৩,২৯৪টা ভোট লাভ কৰে। এই সমষ্টিত মুঠ ৩,৩৯৭ জন ভোটাৰে ন’টা বিকল্প ব্যৱহাৰ কৰিছে।
গহপুৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী উত্পল বৰাই ৯৬,৫৮২টা ভোট লাভ কৰি জয়লাভ কৰে, আনহাতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ শংকৰজ্যোতি কুটুমে ৪৩,৮৬০টা ভোট লাভ কৰে।
ইউপিপিএলৰ নিত্যানন্দ বসুমতাৰীয়ে ৩,২০৪টা ভোট লাভ কৰাৰ বিপৰীতে স্বতন্ত্ৰ প্ৰাৰ্থী হেমন্ত বিজয় মহন্তই ১,৪৩৫টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ১,৮৭৩ জন ভোটাৰে ন’টা (NOTA) বিকল্প বাচি লৈছে।
অধিক পঢ়ক - ৫ অসম বেটেলিয়ন এন.চি.চি. (National Cadet Corps), তেজপুৰৰ বাৰ্ষিক প্ৰশিক্ষণ শিৱিৰ আৰম্ভ