

নতুন দিল্লী: বিশ্বজুৰি উদ্বেগৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থা(WHO)-এ বৃহস্পতিবাৰে নিশ্চিত কৰিছে যে এখন ক্ৰুজ জাহাজত হোৱা প্ৰাদুৰ্ভাৱৰ সৈতে জড়িত পাঁচটা hantavirus ৰোগীৰ ঘটনা নিশ্চিতভাৱে চিনাক্ত কৰা হৈছে। আনহাতে, আৰু তিনিটা ঘটনা সন্দেহজনক হিচাপে পৰ্যবেক্ষণত আছে।
বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এতিয়া ১২খন দেশক অৱগত কৰিছে, যিসকল দেশৰ নাগৰিকসকলে দক্ষিণ আটলাণ্টিক মহাসাগৰৰ দূৰৱৰ্তী ব্ৰিটিছ ভূখণ্ড চেন্ট হেলেনা-(Saint Helena)-ত যাত্ৰাপথৰ মাজতে ক্ৰুজ জাহাজ এমভি হণ্ডিয়াছ-(MV Hondius)-ৰ পৰা অৱতৰণ কৰিছিল।
এই ১২খন দেশ হৈছে — কানাডা, জাৰ্মানী, নেদাৰলেণ্ড, নিউজিলেণ্ড, চেণ্ট কিটছ আৰু নেভিছ, ছিংগাপুৰ, ছুইডেন, চুইজাৰলেণ্ড, তুৰস্ক, ডেন কিংডম আমেৰিকা যুক্তৰাষ্ট্ৰ।
WHO-ৰ মুৰব্বী টেড্ৰছ আধানম গেব্ৰেইছাছে জেনেভাত অনুষ্ঠিত এক সংবাদমেলত কয় যে যদি উপযুক্ত জনস্বাস্থ্য ব্যৱস্থা দ্ৰুত আৰু কাৰ্যকৰীভাৱে গ্ৰহণ কৰা হয়, তেন্তে এই প্ৰাদুৰ্ভাৱ “সীমিত” হৈ থাকিব বুলি সংস্থাটোৱে বৰ্তমান আশা কৰিছে।
তেওঁ অৱশ্যে সতৰ্ক কৰি দিয়ে যে বিভিন্ন দেশত সংস্পৰ্শত অহা যাত্ৰী আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ সন্ধান অব্যাহত থকাৰ বাবে আৰু অধিক সংক্রমণৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
World Health Organization (WHO)-এ জনোৱা মতে, আৰ্জেণ্টিনাৰ পৰীক্ষাগাৰৰ পৰা পাঁচখন দেশলৈ প্ৰায় ২,৫০০টা hantavirus পৰীক্ষা কিট প্ৰেৰণ কৰা হৈছে।
MV Hondius-ত বৰ্তমান ১৪৯ জন লোক আছে বুলি জাহাজখনৰ ডাচ অপাৰেটৰ মহাসাগৰীয় অভিযান (Oceanwide Expeditions)-এ সংবাদ মাধ্যমক জানিবলৈ দিয়ে। জাহাজখনত ২৩খন ভিন্ন দেশৰ নাগৰিক আছে।
ইফালে, ক্ৰুজ জাহাজ MV Hondius-ৰ পৰা উদ্ধাৰ কৰা hantavirus-ত আক্রান্ত সন্দেহ কৰা দুজন ৰোগী স্পেইনৰ কেনেৰী দ্বীপপুঞ্জ (Canary Islands)-ত অৱতৰণ কৰি থকা এখন এয়াৰ এম্বুলেন্সত এতিয়াও অপেক্ষাৰত অৱস্থাত আছে। যান্ত্ৰিক ত্ৰুটি দেখা দিয়াৰ পিছত বিকল্প বিমানৰ অপেক্ষা কৰি তেওঁলোকক বিমানখনতে ৰখা হৈছে বুলি স্পেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
বিমানখন কেপ ভাৰ্ডে (Cape Verde)-ৰ পৰা উৰা মাৰিছিল আৰু মূল পৰিকল্পনা অনুসৰি মাৰাকেশ (Marrakesh)-ত ইন্ধন ভৰাই আমষ্টাৰডাম (Amsterdam)লৈ যোৱাৰ কথা আছিল। কিন্তু স্পেনিছ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মৰক্কোৰ কৰ্তৃপক্ষই বিমানখনক অৱতৰণৰ অনুমতি প্ৰদান কৰা নাছিল।
“ইন্ধন ভৰোৱাৰ সময়ত বিমানখনৰ চিকিৎসকে ৰোগীৰ বৈদ্যুতিক সহায়ক ব্যৱস্থাত (electrical support system) ত্ৰুটি ধৰা পৰাৰ কথা জনাইছিল,” বুলি স্পেইন স্বাস্থ্য মন্ত্ৰালয়-এ এক বিবৃতিত উল্লেখ কৰিছে।
ইয়াৰ পূৰ্বে স্পেইনে ঘোষণা কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱীয়তাৰ মনোভাৱ অনুসৰি hantavirus-সংযুক্ত জাহাজ MV Hondius-ক Canary Islands-ত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব বুলি স্পেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিবৃতিত জনাইছিল।
ইউৰোপীয় ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ (ECDC)-এ জাহাজখনত থকা পৰিস্থিতিৰ বিস্তৃত মূল্যায়ন চলাই আছে, যাতে Cape Verde-ত কোনসকল ব্যক্তিক জৰুৰীভাৱে উদ্ধাৰ বা স্থানান্তৰ কৰা প্ৰয়োজন সেইটো নিৰ্ধাৰণ কৰিব পৰা যায়।
আনহাতে, বাকী যাত্ৰী আৰু কৰ্মচাৰীসকল Canary Islandsলৈ যাত্ৰা অব্যাহত ৰাখিব, আৰু তিনিৰ পৰা চাৰি দিনৰ ভিতৰত তেওঁলোক তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। (IANS)
অধিক পঢ়ক - নতুন চৰকাৰ গঠনৰ পূৰ্বে ৰাজ্যপালৰ দ্বাৰা ভংগ বংগ বিধানসভা